‘বচপন কা প্যাৰ’খ্যাত সহদেৱ গুৰুতৰভাবে আহত। মুখ্যমন্ত্ৰী, বাদশ্বাহে বুজ ল’লে স্বাস্থ্যৰ অৱস্থাৰ

ছচিয়েল মিডিয়াত সকলোৰে মুখে মুখে আছিল এটা গান বচপন কা প্যাৰ। এই গীতটোত সহদেৱ দিৰ্ডো নামৰ কিশোৰটিৱে পৰিৱেশন কৰিছিল। সেই সহদেৱ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে আহত হৈছে। সহদেৱে মূৰত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে। ছট্টিশগড়ৰ ডিম্ৰাপাল চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে সহদেৱ। চিকিৎসালয়ৰ অধীক্ষক ডাঃ টিঙ্কু সিঙে সদৰি কৰা মতে সহদেৱৰ অৱস্থা বৰ্তমান কিছু পৰিমাণে সুস্থিৰ। হাস্পতালত পৰিয়ালৰ সকলো লোক উপস্থিত হৈছে আৰু চেতনা ঘূৰি আহিছে সহদেৱৰ।


উল্লেখ্য যে, শৈশৱক ‘বচপন’ বুলি অভিহিত কৰিছিল সহদেৱে। সহদেৱৰ নিষ্পাপ শৈলীয়ে ৰাইজক আকোৱালি লৈছিল। বহুতো চেলিব্ৰিটিয়ে সহদেৱৰ মূল ভিডিঅ’ শ্বেয়াৰ কৰিছিল। বলীউডৰ গায়ক বাদশ্বাহে গানটো পুনৰ ৰিমেক কৰিছিল। সেই সময়ত বাদশ্বাহৰ সৈতে ‘বচপন কা প্যাৰ’ গীতটো পৰিৱেশন কৰি সকলোৰে মাজত চৰ্চিত হৈছিল।


দুৰ্ঘটনাৰ পিছত প্ৰথমে চুকমা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে জগদলপুৰৰ ডিম্ৰাপাল চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। সুকমা জিলাৰ প্ৰশাসক বিনীত নন্দনৱাৰ আৰু এছ পি সুনীল শৰ্মাই চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈছে।
খবৰ অনুসৰি সহদেৱে পৰিচিত ব্যক্তিৰ সৈতে চুকমা জিলাৰ মুখ্য কাৰ্যালয়ৰ পিনে বাইক চলাই গৈ আছিল। শাবৰী নগৰ অঞ্চলত বাইকখন নিয়ন্ত্ৰণহীনভাৱে দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উপস্থিত লোকসকলে সাহাদেৱক জিলা চিকিৎসালয়ত ভৰ্তি কৰে। সহদেৱৰ সৈতে যোৱা আনকেইজন লোকো সামান্যভাবে আঘাতপ্ৰাপ্ত হৈছে। মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে চিকিত্সাৰ সকলো ব্যৱস্থা লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী কাৱাচী লাখমাইও ফোনযোগে স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...