সামাজিক মাধ্যমত মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী অসম মহিলা সাংবাদিক মঞ্চ‌ৰ

দুষ্কৃতিকাৰীৰ টাৰ্গেট হৈ পৰিছে মহিলা সাংবাদিকে   সামাজিক মাধ্যমত আপলোড কৰা ফটো। মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰই অসাধু ব্যৱসায় আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি অসৎ বেহা চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম মহিলা সাংবাদিক মঞ্চ‌ই।

উল্লেখ্য যে চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰা মহিলা সাংবাদিকৰ তালিকাত আছে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ফটো। আনহাতে কেবাগৰাকী অভিনেত্ৰী-সাংবাদিক-কনটেণ্ট ক্ৰিয়েটৰ-গায়িকাও এনে অপৰাধীৰ লক্ষ্য হোৱা দেখা গৈছে।   আমাৰ হাতত পৰা তথ্য অনুসৰি  বিভিন্ন সংবাদ মাধ্যমৰ বহু কেইগৰাকী মহিলা সাংবাদিকৰ ফটো দেখিবলৈ পোৱা গৈছে  সামাজিক মাধ্যমৰ  পেজত। Assamese Girls Online আৰু Assamese Beautiful Girls নামৰ দুটা ফেচবুক পেজে মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি এক অনৈতিক ব্যৱসায় চলাই আহিছে। সেই ফটো দেখি একাংশই যোগাযোগ কৰে পেজটোৰ সৈতে। তাৰ পিছতেই আৰম্ভ হয় অনৈতিক ব্যৱসায়।

কেইবাগৰাকী ভুক্তভোগীয়ে গুৱাহাটীৰ চাইবাৰ থানাত এজাহাৰ দিয়াৰ পাছতেই আৰক্ষীয়ে দুষ্ট চক্ৰটোৱে ব্যৱহাৰ কৰা ফোন নম্বৰৰ পম খেদি গুৱাহাটীৰ হাতীগাঁৱৰ এখন ইউনিছেক্স পাৰ্লাৰত এনে ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰে। অসাধু চক্ৰৰ দ্বাৰা চলি অহা এনে অনৈতিক কাণ্ডৰ  এই সমগ্র ঘটনাৰ উচিত তদন্ত বিচাৰিছে অসম মহিলা সাংবাদিক মঞ্চ‌ই। এক বিবৃতিৰ জৰিয়তে  আজি মঞ্চই  সংশ্লিষ্ট প্ৰশাসনীয় কৰ্তৃপক্ষৰ ওচৰত অতি শীঘ্ৰে অপৰাধীৰ চক্ৰ উৎখাত কৰাৰ দাবী উত্থাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...