ধৰালৈ আকৌ আহিছে শৰৎ

এয়া যেন শৰতৰ আগমনৰ সময়। দুৱৰি দলিচাত নিয়ৰৰ মুকুতা সানি চৌদিশে বিয়পি পৰিছে শৰৎ আগমনৰ সুবাস। শুভ্ৰ আঁচল উৰুৱাই ফুলিছে নৈৰ পাৰৰ কঁহুৱা। শুকুলা কঁহুৱাই হাত বাউলি মাতিছে শৰতক। আহিনৰ আচলত ধৰি পুনৰ ধৰাৰ বুকুলৈ আহিব শৰৎ। শৰতৰ আগমনৰ লগে লগেই আৰম্ভ হয় উৎসৱৰ বতৰ। উৎসৱ আগমনৰ বার্তাত মন-প্ৰাণ হৰি নিয়াৰ সময় এয়া। বৰ্ষাক্ত মনটোক অশান্ত কৰিবলৈ যেন আকৌ ফুলিছে কঁহুৱা। নৈ-জান-জুৰিৰ কাষে কাষে ফুলি উঠিছে শাৰী শাৰী কঁহুৱা।

জোনাইৰ চিয়াং নদীৰ পাৰতো কঁহুৱাৰ নান্দনিক দৃশ্য। শুভ্ৰ দলিচা পাৰি চৌদিশে ফুলিছে কঁহুৱা। কঁহুৱাৰ সৌন্দৰ্য্যত কবিৰ কলমত প্ৰান পাইছে কবিতাই, শিল্পীয়ে সৃষ্টি কৰিছে সুমধুৰ গীতৰ। ইফালে নৈ পাৰত বহি কঁহুৱাৰ সুবাস লৈ যুৱতীসকলে গাইছে ঐনিতম। শুভ্ৰ কঁহুৱাৰ আচ্ছাদনে প্ৰতিজনৰে মনলৈ নমাই আনিছে গভীৰ শীতলতা। কঁহুৱা ফুলৰ নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা। এনেদৰেই এতিয়া শৰতৰ আগমনে কঁহুৱা ফুলৰ শুভ্ৰতাই পুলকিত কৰিছে সকলোৰে মন-প্ৰাণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...