হংকঙত ভয়াৱহ অগ্নিকাণ্ড; ৭ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড

হংকঙত ধাৰাবাহিকভাৱে উচ্চ এপাৰ্টমেণ্ট বিল্ডিঙত অগ্নিকাণ্ড সংঘটিত হৈছে। কমেও ৭টা ওখ অট্টালিকাত জুই লাগিছে। এই অগ্নিকাণ্ডত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে। বহুলোক অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। হংকঙৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা অনুসৰি মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

থিতাতে মৃত্যু হয় ৯ জন লোকৰ। চাৰিজন লোকক দগ্ধ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। প্ৰাথমিক খবৰ অনুসৰি অগ্নিকাণ্ডৰ পিছত প্ৰায় ৭০০ লোকক অট্টালিকাসমূহৰ পৰা উদ্ধাৰ কৰা হৈছে। সাময়িকভাৱে আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। জুই কেনেদৰে লাগিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৭টা অট্টালিকাত প্ৰায় ২০০০টা এপাৰ্টমেণ্ট আছে। কোৱা হৈছে যে তাত প্ৰায় ৪৮০০ লোকে বাস কৰিছিল।

দুৰ্ঘটনাটোৰ পিছত কেইবাটাও ভিডিঅ’ মুকলি কৰা হৈছে। একেৰাহে কেইবাটাও ওখ অট্টালিকা জ্বলি থকা দেখা গৈছে। সেই ভিডিঅ’বোৰৰ পৰাই জুইৰ ভয়াৱহতা স্পষ্ট হৈ পৰিছে। ওখ অট্টালিকাৰ তলৰ পৰা ওপৰলৈকে প্ৰায় সকলো মহলা জুইৰ শিখাই আগুৰি ধৰিছে। এপাৰ্টমেণ্টবোৰৰ খিৰিকীৰে জুইৰ শিখা ওলাই অহা দেখা গৈছে। সমগ্ৰ অঞ্চলটো ডাঠ ক’লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নিনিৰ্বাপক বাহিনীয়ে ওখ জখলা ব্যৱহাৰ কৰি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে। অৱশ্যে এই পৰ্যন্ত জুই নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। জুই নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে ১২৮খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...