২০ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে কমনৱেলথ গেমছ

অপেক্ষাৰ অন্ত পৰিল। অৱশেষত ২০৩০ চনৰ কমনৱেলথ গেমছ ভাৰতত অনুষ্ঠিত হ’বলৈ গৈ আছে। কমনৱেলথ কমিটীয়ে আহমেদাবাদক আয়োজক চহৰ হিচাপে ঘোষণা কৰিছে। শেষবাৰৰ বাবে দিল্লীত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ২০১০ চনত। ২০ বছৰৰ পাছত ভাৰতৰ মাটিলৈ উভতি আহিছে কমনৱেলথ গেমছ।

২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে ভাৰতৰ মূল প্ৰতিদ্বন্দ্বী আছিল নাইজেৰিয়া। কিন্তু কমনৱেলথ কমিটীয়ে সিদ্ধান্ত লৈছে যে, ২০৩৪ চনৰ প্ৰতিযোগিতা নাইজেৰিয়াত অনুষ্ঠিত হ’ব পাৰে। কমিটীয়ে আহমেদাবাদৰ ওপৰত আস্থা ৰাখিছে। অৱশ্যে নাম ঘোষণা কৰাটো সময়ৰ কথা আছিল। প্ৰথমে ‘কমনৱেলথ ক্ৰীড়া মূল্যায়ন সমিতি’ই আহমেদাবাদৰ নাম প্ৰস্তাৱ কৰিছিল। ইয়াৰ পিছত যোৱা মাহত ‘কমনৱেলথ স্প’ৰ্টছ এক্সিকিউটিভ ব’ৰ্ডে’ আহমেদাবাদৰ নাম আয়োজক হিচাপে প্ৰস্তাৱ কৰিছিল। বুধবাৰে গ্লাছগোত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত ৭৪খন সদস্য দেশে অনুমোদন প্ৰদান কৰে। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষাক দায়িত্ব অৰ্পণ কৰা হয়।

কমনৱেলথ স্প’ৰ্টছৰ সভাপতি ড’নাল্ড ৰুকাৰে কয় যে, তেওঁলোক আশাবাদী যে ২০৩০ চনত আহমেদাবাদে এই প্ৰতিযোগিতাখন অতি ভালদৰে আয়োজন কৰিব। তেওঁ কয়, “ভাৰতত ক্ৰীড়া সংস্কৃতিৰ সৈতে জড়িত। ২০৩০ চন কমনৱেলথ ১০০ বছৰীয়া হ’ব। ১৯৩০ চনত কানাডাত প্ৰথম কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল। সেই সময়ত ইয়াক ব্ৰিটিছ এম্পায়াৰ গেমছ বুলি কোৱা হৈছিল। পিছলৈ ইয়াৰ নাম সলনি কৰি কমনৱেলথ গেমছ কৰা হয়।

যোৱা এবছৰত আহমেদাবাদত কেইবাখনো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ, এছিয়ান একুৱাটিকছ চেম্পিয়নশ্বিপ, এফ চি অনূৰ্ধ্ব-১৭ এছিয়ান কাপ ২০২৬ৰ কোৱালিফায়াৰৰ দৰে প্ৰতিযোগিতাও আছে। অহা বছৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ। এছিয়া পেৰা আৰ্চাৰী বিশ্বকাপ আছে। গতিকে কমনৱেলথক আতিথ্য দিয়াৰ ক্ষেত্ৰত তেওঁলোক আত্মবিশ্বাসী।

ভাৰতে ২০৩৬ চনত ভাৰতত অলিম্পিক আয়োজন কৰিব বিচাৰিছে। ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যন আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো বিশ্ব অলিম্পিক কমিটীৰ সৈতে দীৰ্ঘদিন ধৰি আলোচনা কৰি আহিছে। আহমেদাবাদক অলিম্পিকৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছে ভাৰতে। তাৰ আগতে কমনৱেলথ এক ডাঙৰ পৰীক্ষা। এই পৰীক্ষাত যদি ভাৰতে ভালদৰে উত্তীৰ্ণ হয় তেন্তে অলিম্পিক আয়োজনৰ যুঁজত আগবাঢ়ি যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...