চাইকেলেৰে অযোধ্যালৈ যাত্ৰা অসমৰ ছাত্ৰৰ

২২ জানুৱাৰীত মুকলি কৰা হ’ল অযোধ্যাৰ ৰাম মন্দিৰ। অযোধ্যাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালাক প্ৰতিষ্ঠা কৰাৰ পাছতে বিভিন্নজন গৈছে অযোধ্যালৈ। সমান্তৰালভাৱে অসমৰ পৰাও গৈছে বহুজন। এইবাৰ অসমৰ পৰা চাইকেল লৈ অযোধ্যালৈ যাত্ৰা আৰম্ভ এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ।

ছাত্ৰজন যোৰহাটৰ অৰিন্দম তামুলী। যোৰহাটৰ অৰিন্দমে দৰ্শন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ। NKTV PLUSৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাত্ৰজনে জনাই যে ১৯ দিনৰ ভিতৰত তেওঁ অযোধ্যাত উপস্থিত হ’ব। আৰ্থিক দীনতাৰ বাবে চাইকেলেৰে যাব অযোধ্যালৈ। বিভিন্ন পেট্ৰ’ল পাম্পত নৈশ যাপন কৰিব অৰিন্দম তামুলীয়ে। লগতে ছাত্ৰজনে কয় যে ‘বহুতে ভাবে পইচা থাকিলেহে ফুৰিব পাৰি, মই ভাবো পইচা নোহোৱাকৈও মানুহ ফুৰিব পাৰি’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...