সাৱধান! এইবাৰ ড্র’ন যােগে ক’ভিড উলংঘাকাৰীক নিৰীক্ষণ কৰিব আৰক্ষীয়ে!

গুৱাহাটী, ১১ জুলাই, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্ত আৰু অন্যান্য শীর্য বিষয়াসকলৰ উপস্থিতিত জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সযােগে ক’ভিড পজিটিভ হাৰ বৃদ্ধি হৈ থকা ৰাজ্যৰ ৯ খন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগ শীর্ষ বিষয়াসকলৰ সৈতে ক’ভিড পৰিস্থিতিৰ বিতং পর্যালােচনা কৰে। এই জিলা কেইখন হৈছে বিশ্বনাথ, ডিব্ৰুগড়, গােলাঘাট, যােৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, নগাঁও, শােণিতপুৰ আৰু শিৱসাগৰ। জিলা কেইখনৰ সাম্প্রতিক পৰিস্থিতি বিতং পর্যালােচনা কৰি মুখ্যমন্ত্ৰীয়ে ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে লােৱা পদক্ষেপলানি একাংশ লােকে উলংঘা কৰাৰ ফলত ভাইৰাছৰ পুনৰ সংক্রমণ বৃদ্ধিৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰে। নগৰাঞ্চল, গ্রামাঞ্চল আৰু চাহ বাগিচাসমূহত জনসাধাৰণে সমবেত হােৱা স্থানসমূহ চিনাক্ত কৰি সমগ্ৰ জিলাতেই ক’ভিড নিয়ন্ত্ৰণৰ নীতি-নিদের্শনা কঠোৰভাৱে বলবৎ কৰাৰ বাবে তেওঁ জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে। এই পর্যালােচনা বৈঠকত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলক সমগ্র জিলা ব্যাপক পৰিদৰ্শনৰ লগতে মুখ্যমন্ত্ৰীয়ে দণ্ডাধীশসকলৰ মাজত একোটা নির্দিষ্ট অঞ্চল ধার্য কৰি নিৰীক্ষণ ব্যৱস্থা অধিক সক্রিয় কৰিবলৈও নির্দেশ দিয়ে। বৃহৎসংখ্যক লােক সমবেত হােৱা অঞ্চলসমূহ চিনাক্ত কৰি যাতে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব পৰা যায় সেই উদ্দেশ্যে ড্র’ণ যােগে নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰিবলৈও তেওঁ নির্দেশ দিয়ে। আক্রান্ত সংখ্যা বৃদ্ধি পাই থকা জিলাসমূহত ব্যাপক টিকাকৰণৰ উপৰি তেনে জিলাৰ সীমা তথা পথসমূহত অনাধিকাৰ প্ৰৱেশ ৰােধৰ অৰ্থে অহর্নিশে নিৰীক্ষণ ব্যৱস্থা কৰিবলৈও জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে, সম্পূর্ণ কন্টেইন্টমেন্ট জ’ন হিচাপে ঘােষিত হােৱা জিলাসমূহত দোকান পােহাৰসমূহ যাতে বন্ধ হৈ থাকে আৰু গ্রামাঞ্চলৰ বজাৰসমূহত জনসাধাৰণক সমবেত হােৱাৰ পৰা যাতে বিৰত ৰাখিব পাৰি সেই উদ্দেশ্যে জ্যেষ্ঠ বিষয়াসকলক তেনে স্থান পৰিদৰ্শনৰ বাবে দায়িত্ব অর্পণ কৰিব লাগিব। তেওঁ লগতে কয় যে সকামকে ধৰি আন পাৰিবাৰিক অনুষ্ঠানসমূহত যথেষ্ট সংখ্যক লােকৰ সমাগম হয় আৰু ইয়াৰ ফলত ভাইৰাছৰ সংক্রমণ বৃদ্ধি পােৱা দেখা গৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, এই ক্ষেত্ৰত গ্রামাঞ্চলৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে গাঁওবুঢ়াসকলৰ সহযােগত চক্র বিষয়াসকলে পদক্ষেপ ল’ব লাগিব। চুলাই মদৰ ঘাটিসমূহ কভিড-১৯ সংক্ৰমণৰ অন্যতম উৎস হৈ পৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে এনে সকলাে ঘাটি উৎখাত কৰিবলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...