দৈনিক ৩ লাখ টীকাকৰণৰ লক্ষ্য অসম চৰকাৰৰ

গুৱাহাটী, ১৮ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রী কার্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ সমগ্ৰ দেশৰ লগতে অসমটো অহা ২১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিস্তাৰিত টীকাকৰণ অভিযানৰ প্রস্তুতি পর্যালােচনা কৰে। অহা ২১ জুনৰ পৰা ৩০ জুনলৈকে দৈনিক ৩ লাখ টীকাকৰণৰ লক্ষ্যত উপনীত হােৱাৰ বাবে অভিযান আকাৰে কাম কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে। বর্ধিত টীকাকৰণ সুনিশ্চিত কৰাৰ বাবে প্ৰতিখন জিলাৰে অভিভাৱক মন্ত্রী আৰু সচিবসকলক সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিবলৈও তেওঁ নির্দেশ দিয়ে। এই অভিযানৰ অধীনত চাহ বাগিচা অঞ্চলসমূহৰ দৰে স্পর্শকাতৰ এলেকাসমূহকো সামৰি ল’বলৈ তেওঁ বিভাগটোক নির্দেশ দিয়ে। উল্লেখযােগ্য যে, অহা ২১ জুনৰ পৰা কেন্দ্রীয় চৰকাৰে প্ৰতিগৰাকী প্রাপ্তবয়স্ক লােককে বিনামূলীয়াকৈ টীকাকৰণৰ সুবিধা আগবঢ়াব। কেন্দ্রীয় চৰকাৰে এতিয়া ভেকচিন উৎপাদকসকলৰ পৰা মুঠ উৎপাদনৰ ৭৫ শতাংশ ক্ৰয় কৰি ৰাজ্যসমূহক বিনামূলীয়াকৈ যােগান ধৰিব। এই পদক্ষেপৰ অধীনত অহা কিছুদিনৰ বাবে অসমে ১১ লাখ ভেকচিন লাভ কৰিব।

টীকাকৰণ কেন্দ্রসমূহলৈ অধিক সংখ্যক লােকক আকর্ষিত ক্ৰাৰ বাবে উপযুক্ত প্রচাৰৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, এই দিশত সজাগতা সৃষ্টিৰ বাবে অসমীয়াৰ লগতে আন প্রধান স্থানীয় ভাষাসমূহতাে এই সম্বন্ধীয় বিজ্ঞাপন প্রস্তুত কৰি প্ৰকাশ কৰিব লাগিব। তেওঁ লগতে অনলাইন পঞ্জীয়নৰ উপৰি টীকাকৰণ কেন্দ্রসমুহত ঠাইতে পঞ্জীয়নৰ সুবিধাৰ বিষয়েও ৰাইজক অৱগত কৰাৰ প্রয়ােজনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। টীকাকৰণৰ কাম-কাজ চোৱা-চিতাৰ বাবে ভ্ৰাম্যমাণ ভিত্তিত চিকিৎসকৰ দল নিয়ােগ কৰাৰ লগতে টীকাকৰণ চলি থকাৰ সময়ছােৱাত টীকাকৰণ কেন্দ্রসমূহৰ ওচৰৰ চিকিৎসালয়সমূহ সাধাৰণ ৰােগীৰ বাবে খােলা ৰখাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। দৈনিক টীকাকৰণৰ লক্ষ্যত উপনীত হােৱাৰ বাবে অসমে এই বৃহৎ অভিযানত উৎকৃষ্ট প্রদর্শন। আগবঢ়াবই লাগিব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত দেখা দিব পৰা অসুবিধাসমূহ চিনাক্ত কৰি তাক দূৰ কৰাৰ বাবে পৰৱৰ্তী দিন দুটাত উপায়ুক্তসকলৰ সৈতে নিয়মীয়াভাৱে ভিডিঅ’ কনফাৰেন্সত মিলিত হ’বলৈও তেওঁ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...