আত্মহননৰ চেষ্টা ‘বাবা কা ধাবা’ৰ কান্তা প্ৰসাদৰ!

‘বাবা কা ধাবা’ৰ কান্তাপ্ৰসাদক মনত আছেনে আপোনাৰ? ইউটিউবাৰ গৌৰৱ ৱাছানৰ সৌজন্যত নিশাটোৰ ভিতৰতে চেলিব্ৰিটী হৈ পৰিছিল কান্তাপ্ৰসাদ। আৰ্থিক সাহায্যৰ ধল বোৱাৰ পিছত দিল্লীত এখন বিলাসী ৰেস্তোৰাঁও খুলিছিল কান্তাপ্ৰসাদে। পৰৱৰ্তী সময়ত ইউটিউবাৰ গৌৰৱ ৱাছানক ‘চোৰ’ বুলি অভিহিত কৰি গোচৰ তৰা কান্তাপ্ৰসাদৰ দুৰ্দিন আৰম্ভ হৈছিল। চৰম দুৰ্দশাত পৰি শুকুৰবাৰে আত্মহত্যা কৰাৰো চেষ্টা চলায় কান্তাপ্ৰসাদে।

জীৱনৰ যাত্ৰাপথ বৰ একা-বেঁকা আৰু ৰহস্যময়। নতুন দিল্লীৰ কান্তাপ্ৰসাদৰ জীৱনত সংঘটিত উত্থান-পতনে পুনৰবাৰ এই কথা প্ৰমাণিত কৰিলে। যেন অদৃষ্টই এবাৰ দি চালে, এবাৰ নি চালে। দিল্লীৰ এজন ৮০ বছৰীয়া বৃদ্ধ কান্তাপ্ৰসাদে বিগত বৰ্ষৰ লকডাউনৰ সময়ত দিল্লীত ফুটপাথৰ কাষত চলোৱা জীৱন সংগ্ৰামক ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল ইউটিউবাৰ গৌৰৱ ৱাছানে। পত্নী বাদামী দেৱীৰ সৈতে চলোৱা ফাষ্ট ফুডৰ দোকানখন ভালদৰে নচলাত ১০জনীয়া পৰিয়াল চলোৱাটো অসম্ভৱ হৈ পৰিছিল। এই দুখৰ বৰ্ণনা কৰি কান্দোনত ভাগি পৰিছিল কান্তাপ্ৰসাদ।

kanta prasad suicide attempt: Baba Ka Dhaba : बाबा के ढाबा वाले बुजुर्ग  कांता प्रसाद ने की खुदकुशी की कोशिश, हालत नाजुक - baba ka dhaba fame kanta  prasad attempted suicide | Navbharat Times

নিশাৰ ভিতৰতে দেশজুৰি ভাইৰেল হৈ পৰিছিল এই ভিডিঅ’। পিছদিনাৰ পৰাই শুভাকাংক্ষী, সহায় কৰোঁতাৰ সোঁত বৈছিল ‘বাবা কা ধাবা’লৈ। জঁপিয়াই পৰিছিল ইটোৰ পিছত সিটো ব্ৰেণ্ড। সকলোৱে হেতা-ওপৰা লগাইছিল সহায় কৰিবলৈ। ছেল্ফী স্পটট পৰিণত হৈছিল ‘বাবা কা ধাবা’।

এই চকুপানীৰ মূল্য পাইছিল ৮০ বছৰীয়া কান্তাপ্ৰসাদে। কেইবা লাখো টকা, খাদ্য সামগ্ৰীৰ বৃহৎ ভাণ্ডাৰ জমা হৈছিল কান্তাপ্ৰসাদৰ ঘৰত।

একপ্ৰকাৰ চেলিব্ৰিটীত পৰিণত হৈছিল কান্তাপ্ৰসাদ। ৫ লাখ টকা খৰচ কৰি দিল্লীত এখন সুন্দৰ ৰেস্তোৰাঁও মুকলি কৰিছিল। ৫জনকৈ কৰ্মচাৰী ৰখাৰ লগতে সুদৃশ্য ৰিভলভিং চেয়াৰত বহি মালিক হৈছিল কান্তাপ্ৰসাদ।

তাৰ পিছতেই আহিছিল চমক লগা খবৰটো। দেশবাসীৰ ওচৰত কান্তাপ্ৰসাদক চিনাকি কৰি দিয়া ইউটিউবাৰ গৌৰৱ ৱাছানক ‘চোৰ’ আৰু ‘ঠগ’ বুলি অভিযোগ কৰি এজাহাৰ দাখিল কৰিছিল। গৌৰৱ ৱাছানৰ বিৰুদ্ধে কান্তাপ্ৰসাদলৈ সাহায্যৰূপে অহা লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছিল।

এইবাৰ চকুপানী টুকিছিল গৌৰৱ ৱাছানে। বেংকৰ ষ্টেটমেণ্ট প্ৰকাশ কৰি দাবী কৰিছিল – তেওঁ এটকাও আত্মসাৎ কৰা নাই। বিচাৰ অদৃষ্টৰ ওপৰত এৰি দিছিল।

বিচাৰ যেন আৰম্ভ হৈছিল! কান্তাপ্ৰসাদৰ দ্বিতীয়খন ৰেস্তোৰাঁ বন্ধ হৈ পৰিল। ৫ লাখ টকা খটুৱাই মাত্ৰ ৩৬ হাজাৰ টকাহে বিক্ৰীৰ পৰা ঘূৰাই পাইছিল কান্তাপ্ৰসাদে। বেচিবলগীয়া হৈছিল ৰেস্তোৰাঁখনৰ আচবাব, সা-সামগ্ৰী।

এইবাৰ কান্তাপ্ৰসাদ পুনৰ পত্নীৰ সৈতে ‘বাবা কা ধাবা’লৈ উলটি আহিল। কিন্তু গ্ৰাহক অহা নাছিল। বিক্ৰী তেনেই কমি গৈছিল। বাৰে বাৰে ক্ষমা বিচাৰিছিল ইউটিউবাৰ গৌৰৱ ৱাছানৰ ওচৰত।

দুদিন পূৰ্বে গৌৰৱ ৱাছান ‘বাবা কা ধাবা’ত উপস্থিত হৈছিল। ক্ষমা বিচাৰি গৌৰৱৰ ভৰিতো ধৰিবলৈ চেষ্টা কৰিছিল কান্তাপ্ৰসাদে। ক্ষমা কৰি দিছিল ইউটিউবাৰজনে।

What is viral Baba ka dhaba controversy: Know everything here | Trending  News – India TV

কান্তাপ্ৰসাদে ভাবিছিল, তেওঁ ক্ষমা খোজাৰ পিছত ‘বাবা কা ধাবা’লৈ পুনৰ গ্ৰাহকৰ সোঁত ব’ব। কিন্তু সেয়া হৈ নুঠিল। দিল্লীবাসীয়ে যেন কান্তাপ্ৰসাদলৈ পিঠি দিছিল। ইয়াৰ মাজতে শুকুৰবাৰে আহিল দুৰ্ভাগ্যজনক খবৰ। আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছে ৮০ বছৰীয়া কান্তাপ্ৰসাদে। অৱশ্যে সৌভাগ্যবশতঃ তেওঁৰ প্ৰাণ ৰক্ষা পৰিল। এতিয়া সময়েহে ক’ব, কান্তাপ্ৰসাদৰ ভৱিষ্যৎ কি, তেওঁৰ সুদিন উলটি আহিব নে কুটিল সময়ৰ সৈতে সংগ্ৰাম অব্যাহত থাকিব।

National Desk, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...