গুৱাহাটীৰ পৰা বাহিৰলৈ যাব নোৱাৰিব, বাহিৰৰ পৰাও আহিব নোৱাৰিব!

বুধবাৰে পুৱা ৫ বজাৰে পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন SOP। কামৰূপ মহানগৰ জিলাক বাদ দি অন্যান্য জিলাসমূহত ক্ষেত্ৰত আন্তঃজিলা যাতায়াত যথেষ্ট শিথিল। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে প্ৰকাশ কৰিলে নতুন ক’ভিড SOP।

  • গুৱাহাটীৰ পৰা বাহিৰলৈ যাব নোৱাৰিব আপুনি
  • বাহিৰৰ পৰা গুৱাহাটীলৈও আহিব নোৱাৰিব আপুনি
  • ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ’ব সান্ধ্য আইন
  • সন্ধিয়া ৬ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান
  • কামৰূপ(মঃ) জিলাক বাদ দি আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম
  • ব্যক্তিগত বাহনেৰে আন্তঃজিলা যাতায়াতত অনুমতি
  • ৰাজহুৱা পৰিবহণ, যাত্ৰী পৰিবাহী বাহনত বাহাল থাকিব নিষেধাজ্ঞা
  • কামৰূপ(মঃ) জিলাৰ পৰা অন্য জিলালৈ আৰু অন্য জিলাৰ পৰা কামৰূপ(মঃ)লৈ আহিব নোৱাৰিব
  • যুগ্ম-অযুগ্ম দুয়োটা সংখ্যাৰ বাহনে চলাব পাৰিব আপুনি
  • MBBSৰ চূড়ান্ত বৰ্ষ, BSc নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনীয়াৰিঙৰ চূড়ান্ত বৰ্ষ, GNMৰ তৃতীয় বৰ্ষৰ পাঠদান হ’‍ব
  • দুয়োপালি ক’ভিড ভেকচিন লোৱা শিক্ষাৰ্থীকহে শ্ৰেণীকোঠালৈ অহাৰ অনুমতি
  • ৰিজ’ৰ্ট, হোটেল, ধাবাসমূহ ৫০% গ্ৰাহকেৰে সন্ধিয়া ৬ বজালৈ খোলা ৰাখিব পাৰিব
  • বন্ধ থাকিব চিনেমা হল
  • বিবাহ, সকাম আদি অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫জনে
  • কামাখ্যা মন্দিৰ তথা ঐতিহ্যপূৰ্ণ স্থানত প্ৰতি ঘণ্টাত ২০জন লোক প্ৰৱেশ কৰিব পাৰিব
  • ধৰ্মীয় স্থানত সৰ্বাধিক ১০জন লোকে অংশগ্ৰহণ কৰিব পাৰিব
  • বিমানবন্দৰত দুয়োপালি ক’ভিড ভেকচিন লোৱা যাত্ৰীয়ে নালাগে ক’ভিড পৰীক্ষা কৰিব
  • নামঘৰসমূহত নাম-কীৰ্তনত অংশ ল’ব পাৰিব ৫০% ভক্তই
  • এপালি ক’ভিড ভেকচিন লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীও আহিব লাগিব কাৰ্যালয়লৈ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...