প্ৰকাশ পালে নতুন SOP। নতুন SOPৰ A to Z

• ৰাজ্যত বলৱৎ নতুন ক’ভিড SOP
• সংবাদমেলত SOPৰ সবিশেষ ঘোষণা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ
• নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
• নিশা ৮ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ
• ভেকচিনৰ কমেও এটা ড’জ লোৱা কৰ্মচাৰী আহিব লাগিব কাৰ্যালয়লৈ
• কাৰ্যালয়ৰ মুৰব্বীয়ে কৰ্মচাৰীৰ ভেকচিন সম্পৰ্কীয় তালিকা যুগুতাব
• এটাও ড’জ নোলোৱা কৰ্মচাৰীক ৩ দিনৰ ভিতৰত ভেকচিন দিয়াব লাগিব
• ১০০% যাত্ৰীসহ আন্তঃজিলা বাছ যাতায়াতৰ অনুমতি
• চালক-যাত্ৰীৰ মাস্ক পৰিধান বাধ্যতামূলক
• বাছত থিয় কৰাই নিব নোৱাৰিব কোনো যাত্ৰীক
• কমেও এপালি ভেকচিন লোৱা যাত্ৰীহে বাছত উঠিব পাৰিব
• সান্ধ্য আইন সত্ত্বেও চলি থাকিব নৈশ বাছ
• অৱশ্যে নিশা ৮ বজাতে বন্ধ কৰিব লাগিব হোটেল-ধাবা
• ব্যক্তিগত বাহনতো মাস্ক পৰিধান বাধ্যতামূলক
• অট’, টেক্সিতো ১০০% যাত্ৰী নিব পাৰিব
• মাস্ক পিন্ধি দুচকীয়া বাহনত দুজন উঠাৰ অনুমতি
• স্নাতকোত্তৰ, স্নাতক, HS চূড়ান্ত বৰ্ষৰ শ্ৰেণী মুকলি
• শিক্ষক-কৰ্মচাৰী-শিক্ষাৰ্থীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক
• শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে আটাইৰে ভেকচিনৰ তালিকা প্ৰস্তুত কৰিব
• একোটা শ্ৰেণীকোঠাত ৩০তকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব
• প্ৰয়োজন হ’লে শ্ৰেণীৰ শাখাৰ সংখ্যা বৃদ্ধিৰ আহ্বান
• ৬ ছেপ্তেম্বৰৰ পৰা শ্ৰেণীকোঠাত চূড়ান্ত বৰ্ষৰ পূৰ্ণোদ্যমে পাঠদান
• দুয়োপালি ভেকচিন ল’লেহে হোষ্টেলত থাকিব পাৰিব শিক্ষাৰ্থী
• ১৮তকৈ কম বয়সৰ শিক্ষাৰ্থীয়ে শ্ৰেণীলৈ যাব পাৰিব
• সভা পাতিবলৈ হ’লে স্থানীয় থানাত আগতীয়াকৈ জনাব লাগিব
• একোখন সভাত ৫০জনতকৈ অধিক লোক থাকিব নোৱাৰিব
• উপায়ুক্তই অনুমতি দিলে ২০০জন লোক সভা-সমিতিত গোট খাব পাৰিব
• উপায়ুক্তই অনুমতি দিলে ২০০জন লোক সভাত থাকিব পাৰিব
• প্ৰেক্ষাগৃহৰ ভিতৰত ৫০% ছীট কেপাচিটীৰে পাতিব পাৰিব সভা
• উপাসনাস্থলীত প্ৰতি ঘণ্টাত ৪০ ভক্তই প্ৰৱেশ কৰিব পাৰিব
• ভেকচিন লোৱাসকলেহে উপাসনাস্থলীত প্ৰৱেশ কৰিব পাৰিব
• ৬ ঘণ্টাৰ বাবে খুলিব পাৰিব সাপ্তাহিক বজাৰ
• স্থানীয় প্ৰশাসনে নিৰ্ধাৰণ কৰি দিব ছঘণ্টীয়া সময়সীমা
• দুপালি ভেকচিন ল’লে বিমান বন্দৰ, ৰে’ল ষ্টেশ্যনত নালাগে ক’ভিড টেষ্ট
• এপালি ভেকচিন লোৱাসকলে RT-PCR ক’ভিড টেষ্ট কৰাব লাগিব
• এই টেষ্টৰ আধা মূল্য চৰকাৰে দিব, বাকী আধা যাত্ৰীজনে বহন কৰিব
• প্ৰয়োজনত ঘৰে ঘৰে গৈ ভেকচিন দিয়া হ’ব
• বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হ’ব ভেকচিন অভিযান
• গোলাঘাট, মৰিগাঁও, কামৰূপ (গ্ৰাম্য)ত ঘৰে ঘৰে ভেকচিন অভিযান
• এসপ্তাহ পিছত চিনেমা হল খোলা সন্দৰ্ভত বিবেচনা কৰিব চৰকাৰে
• ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০গৰাকী লোকে
• অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০গৰাকী লোকে
• কমেও এপালি ভেকচিন লোৱা লোকেহে ভাগ ল’ব পাৰিব মাংগলিক অনুষ্ঠানত
• ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত আখৰা কৰিব পাৰিব
• থিয়েটাৰৰ প্ৰদৰ্শন সম্পৰ্কে পৰিস্থিতিসাপেক্ষে লোৱা হ’ব সিদ্ধান্ত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...