ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে ৰাজ্যৰ কেইবাখনো মফচলীয় মহাবিদ্যালয়

গুৱাহাটী, ২৭ জুন, NKTV: ঐতিহ্যমণ্ডিত কটন কলেজ নহয়, ৰাজ্যৰ দ্বিতীয় প্ৰাচীন জগন্নাথ বৰুৱা কলেজো নহয়, ইণ্ডিয়া টুডে আলোচনীৰ দেশৰ শ্ৰেষ্ঠ কলেজৰ সমীক্ষাত স্থান লাভ কৰিছে অসমৰ অনামী মহাবিদ্যালয় কেইখনমানে। ২০২১ চনৰ দেশৰ শ্ৰেষ্ঠ কলেজৰ ইণ্ডিয়া টুডেৰ সমীক্ষাৰ জৰিয়তে প্ৰদান কৰা এই ৰেংকিঙত তিনিওটা শাখাতে স্থান অৰ্জন কৰি সাফল্য অৰ্জন কৰিছে জাগীৰোড কলেজে। যোৱা ২৬ জুনত ঘোষণা কৰা এই সমীক্ষাত জাগীৰোড মহাবিদ্যালয়ে কলা শাখাত ১২৭ সংখ্যক, বিজ্ঞান শাখাত ১৩২ সংখ্যক আৰু বাণিজ্য শাখাত ১৩৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৎপৰ্যপূৰ্ণভাৱে জাগীৰোড মহাবিদ্যালয়ে বাণিজ্য শাখাৰ স্থান লভা কৰা অসমৰ একমাত্ৰ মহাবিদ্যালয়। বাণিজ্য শাখাত ৰাজ্যৰ শীৰ্ষ মহাবিদ্যালয় হিচাপে সততে চৰ্চা হোৱা গুৱাহাটী কৰ্মাচ কলেজে এই তালিকাত স্থান লাভ নকৰাটো লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...