কেনেকৈ চলিব শিক্ষা ব্যৱস্থা? অসম বিজ্ঞান সমিতিয়ে শিক্ষামন্ত্ৰীক দাখিল কৰিলে প্ৰতিবেদন

গুৱাহাটী, ২৮ জুন, NKTV: শিক্ষামন্ত্ৰী ৰনোজ পেগুক প্ৰতিবেদন দাখিল কৰিলে অসম বিজ্ঞান সমিতিয়ে। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বৰ্তমান ৰাজ্যত অব্যাহত থকা ৰাজ্যৰ শৈক্ষিক পৰিস্থিতি সন্দৰ্ভত SOP প্ৰস্তুত কৰিছে এই বিশেষ সমিতিখনে। ২৮ জনীয়া বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰিছে উলিয়াইছে এই প্ৰতিবেদন। অসম বিজ্ঞান সমিতিয়ে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ-বুদ্ধিজীৱীসকলে শিক্ষাৰ্থীৰ জীৱনৰ প্ৰতি লক্ষ্যৰাখি পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিয়াইছে এই প্ৰতিবেদন। সোমবাৰে বিশেষ সমিতিখনে শিক্ষা মন্ত্ৰী ৰনোজ পেগুক দাখিল কৰে এই প্ৰতিবেদন।
অসম বিজ্ঞান সমিতিয়ে শিক্ষাৰ পৰিৱেশ সন্দৰ্ভত প্ৰস্তুত কৰা এই প্ৰতিবেদনে শিক্ষাৰ্থী সকলক কিছু সকাহ দিব বুলি মন্তব্য কৰিছে সমিতিৰ প্ৰতিনিধিসকলে। বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন। প্ৰতিবেদনখনৰ ওপৰত আলোচনা কৰি ব্যৱস্থা লোৱা হ’ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত আজি সন্ধিয়ালৈ জাননী জাৰি কৰাৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...