জেৰেমি কেছেল টুইটাৰ ভাৰতৰ নতুন অভিযোগ গ্ৰহণকাৰী বিষয়া

গুৱাহাটী, ২৮ জুন, NKTV: ভাৰতৰ বাবে নিযুক্তি দিয়া টুইটাৰৰ অন্তৱৰ্তীকালীন আৱাসী অভিযোগ গ্ৰহণকাৰী বিষয়া গৰাকীৰ পদত্যাগৰ পিছতে টুইটাৰ কৰ্তৃপক্ষই জেৰেমি কেছেলক দেশখনৰ অভিযোগ গ্ৰহণকাৰী বিষয়া হিচাপে নিযুক্তি দিছে। শেহতীয়াকৈ টুইটাৰৰ জৰিয়তে ভাৰতৰ বাবে অন্তৱৰ্তীকালীন আৱাসী অভিযোগ বিষয়া হিচাপে নিযুক্ত হোৱা ধৰ্মেন্দ্ৰ চতুৰে এই পদৰ পৰা অব্যাহতি লৈছে। অৱশ্যে, টুইটাৰে এতিয়ালৈকে ধৰ্মেন্দ্ৰ চতুৰ সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই। এই খবৰ এনে এক সময়ত আহিছে যেতিয়া মাইক্ৰ’ব্লগিং প্লেটফৰ্মটোৱে নতুন ছ’চিয়েল মিডিয়া নিয়মক লৈ ভাৰত চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হৈছে।

উল্লেখ্য যে, তথ্য-প্ৰযুক্তি আইনৰ নতুন নিয়ম অনুসৰি যিকোনো এটা ছ’চিয়েল মিডিয়া কোম্পানীয়ে ভাৰতীয় ব্যৱহাৰকাৰী সকলৰ অভিযোগ সমূহ গ্ৰহণ আৰু সমাধান কৰাৰ বাবে এজন অভিযোগ গ্ৰহণকাৰী বিষয়াক নিযুক্তি দিব লাগে।

২৫ মে’ৰ পৰা কাৰ্যকৰী হোৱা নতুন নিয়মসমূহে ছ’চিয়েল মিডিয়া কোম্পানীবোৰক ব্যৱহাৰকাৰী বা ভুক্তভোগীসকলৰ পৰা অভিযোগ সমাধানৰ বাবে এটা অভিযোগ নিষ্পত্তি প্ৰণালী স্থাপন কৰিবলৈ বাধ্য কৰিছে। যদিও টুইটাৰে এই ক্ষেত্ৰত এতিয়াও পূৰ্ণ সন্মতি প্ৰদান কৰা নাই যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে টুইটাৰক ইচ্ছাকৃতভাৱে অবাধ্যতা আৰু দেশৰ নতুন তথ্য প্ৰযুক্তি নিয়ম পালন কৰাত ব্যৰ্থতাৰ বাবে সমালোচনা কৰিছে।

৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থকা সকলো গুৰুত্বপূৰ্ণ ছ’চিয়েল মিডিয়া কোম্পানীয়ে এনে অভিযোগৰ মোকাবিলা কৰিবলৈ আৰু এনে বিষয়াসকলৰ নাম আৰু যোগাযোগৰ বিৱৰণ ভাগ বতৰা কৰিবলৈ এজন অভিযোগ বিষয়া নিয়োগ কৰিব। এই ছ’চিয়েল মিডিয়া কোম্পানীবোৰে এজন মুখ্য অনুপালন বিষয়া, এজন Nodal Contact Person আৰু এজন আৱাসী অভিযোগগ্ৰহণকাৰী বিষয়া নিয়োগ কৰাটো বাধ্যতামূলক আৰু তেওঁলোক সকলো ভাৰতৰ বাসিন্দা হ’ব লাগিব বুলিও তথ্য-প্ৰযুক্তি আইনখনত কোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...

ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বেইজিং ভ্ৰমণ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ...