এয়াই প্রথম স্বাধীনতা দিৱস য’ত বন্ধ হোৱা নাই : হিমন্ত বিশ্ব শৰ্মা

আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন দেশৰ স্বাধীনতা প্ৰাপ্তিৰ দিনটো। লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক পতাকা উত্তোলন কৰি দেশাবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৃটিছৰ কবলৰ পৰা বহু সংগ্ৰাম আৰু আন্দোলনৰ মাজেৰে ১৯৪৭ চনৰ আজিৰ দিনটোতেই পৰাধীনতাৰ শিকলি ছিঙি মুক্ত হৈছিল ভাৰতীয়। দেশৰ স্বাধীনতা প্ৰাপ্তিৰ লগত জড়িত হৈ আছে বহু মনীষীৰ ত্যাগ আৰু আত্মবলিদান।সেই সকল মহান লোকলৈ দেশজুৰি আজি স্মৰণ কৰিব জনতাই। অসমতো কভিড বিধি মানি উলহ মালহেৰে উদযাপন স্বাধীনতা দিৱস।

খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস। খানাপাৰাত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহ্বান মুখ্যমন্ত্ৰীৰ। ‘এয়াই প্রথম স্বাধীনতা দিৱস য’ত বন্ধ হোৱা নাই’ – এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লাভলীনাক পদক জয়ৰ বাবে পুনৰ অভিনন্দন জনালে মুখ্যমন্ত্ৰীয়ে। ৬ অসম আৰক্ষীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ। ‘অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ সমাধান হৈছে’ – চুবুৰীয়া সকলো ৰাজ্যকে আলোচনালৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...