প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মেঘালয়ৰ সৈতে সীমা চুক্তি স্বাক্ষৰৰ পূৰ্বে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট, আৰ্থ-সামাজিক দিশৰ ওপৰত আলোকপাত কৰে। তাৰোপৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু কল্যাণকামী আঁচনিৰ ওপৰতো আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছতে টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুত দিনত প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ আৰু আশিসেৰে অসমতে আগুৱাই যোৱাৰ আশা প্ৰকাশ কৰে। সাক্ষাতৰ সময়ত অসমৰ বাঁহ-বেতেৰে নিৰ্মিত সামগ্ৰী উপহাৰ দিয়ে। হস্তনিৰ্মিত সামগ্ৰী আৰু অসমৰ স্বকীয়তা থকা সামগ্ৰী উপহাৰ দি পুনৰ এবাৰ অসমৰ সুকীয়া পৰিচয়ৰ কথা উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...