কোহলীক লগ কৰিবলৈ গুৱাহাটীৰ যুৱকে খৰচ কৰিলে ২৩,৪০০ টকা

গুৱাহাটীৰ শান্তিপুৰৰ ৰাহুল ৰয়ে নিজৰ প্ৰিয় ক্ৰিকেটাৰজনৰ সৈতে ছেলফি লোৱাৰ বাবে ২৩,৪০০ টকা খৰচ কৰিলে। যুৱকজনে ২ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ২য় টি-২০ মেচত অংশ লোৱাৰ বাবে ২৯ ছেপ্টেম্বৰত ভাৰতীয় ক্ৰিকেট দল গুৱাহাটীত অৱতৰণ কৰাৰ পিছত ৰয়ে প্ৰথমে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ কোহলীক সাক্ষাৎ কৰিবলৈ গৈছিল নিৰাপত্তাৰক্ষীয়ে তেওঁৰ পৰিকল্পনা বিফল কৰিলে।

মই এয়াৰপৰ্টত আছিলো, মই তেওঁক ওলাই অহা দেখিছিলো আৰু বাছৰ কাষ চাপিছিলো। কিন্তু নিৰাপত্তাৰক্ষীয়ে মোক ওচৰ চাপিবলৈ বা লগ কৰিবলৈ নিদিলে- যুৱকজনে কয়। ইয়াৰ পিছতে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দল থকা হোটেলখনত ৰয়ে ২৩,৪০০ টকাত এটা কোঠা বুকিং কৰে। কোহলীক লগ পোৱাৰ লগতে নিজৰ প্ৰিয় ক্ৰিকেটাৰৰ সৈতে চেলফি ক্লিক কৰাৰ সুযোগ পাই হোটেলখনত তেওঁৰ এই ইচ্ছা পূৰণ হ’ল।

“দুয়োটা দল থকা হোটেলখনত খালী কোঠা এটা পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা আছিল। পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত কোহলীক বহুবাৰ মাতিলো। এটা সময়ত তেওঁ মোক লক্ষ্য কৰি ব্ৰেকফাষ্ট এৰিয়াৰ বাহিৰত লগ কৰিবলৈ ক’লে। আৰু মোৰ সপোন বাস্তৱ হ’ল -ৰয়ে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...