বৰ্ষাপাৰাত খেলৰ মাজতে ওলাল প্ৰকাণ্ড সাপ

বৰ্ষাপাৰাত খেলৰ মাজতে অথন্তৰ। অথন্তৰৰ বাবে দুবাৰকৈ বন্ধ ৰাখিবলগীয়া হ’ল খেল। প্ৰথমে টীম ইণ্ডিয়াৰ বেটিঙৰ সময়ত খেলপথাৰত ওলাল প্ৰকাণ্ড সাপ। খেল চলি থাকোঁতে হঠাৎ খেলপথাৰত প্ৰৱেশ কৰে সাপটোৱে। লগে লগে হুৱাদুৱা লাগে। কিন্তু আয়োজকে তৎপৰতাৰে সাপটো কৰায়ত্ত কৰি খেলপথাৰৰ পৰা আঁতৰ কৰে। প্ৰায় ৫, ৬ মিনিটৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ হয় খেল। সাপজনিত অথন্তৰৰ পিছতে দক্ষিণ আফ্ৰিকাৰ বেটিঙৰ সময়ত বন্ধ হৈ গ’ল বৰ্ষাপাৰা ষ্টেডিয়ামৰ এটা ফ্লাড লাইট। বৰ্ষাপাৰাত অসম ক্ৰিকেট সন্থাৰ বাবে ইয়াতকৈ আৰু লাজৰ কথা আৰু একো নাছিল। ফ্লাড লাইট বন্ধ হৈ থকা বাবে প্ৰায় ১৫, ২০ মিনিট সময় ধৰি বন্ধ হৈ থাকিল খেল। বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেটৰ ভেন্যু হিচাপে তৈয়াৰ কৰিব খোজা অসম ক্ৰিকেট সন্থাৰ T-20 খেলখনতে এই প্ৰদৰ্শন অত্যন্ত হতাশজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...