কোহলীক লগ কৰিবলৈ গুৱাহাটীৰ যুৱকে খৰচ কৰিলে ২৩,৪০০ টকা

গুৱাহাটীৰ শান্তিপুৰৰ ৰাহুল ৰয়ে নিজৰ প্ৰিয় ক্ৰিকেটাৰজনৰ সৈতে ছেলফি লোৱাৰ বাবে ২৩,৪০০ টকা খৰচ কৰিলে। যুৱকজনে ২ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ২য় টি-২০ মেচত অংশ লোৱাৰ বাবে ২৯ ছেপ্টেম্বৰত ভাৰতীয় ক্ৰিকেট দল গুৱাহাটীত অৱতৰণ কৰাৰ পিছত ৰয়ে প্ৰথমে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ কোহলীক সাক্ষাৎ কৰিবলৈ গৈছিল নিৰাপত্তাৰক্ষীয়ে তেওঁৰ পৰিকল্পনা বিফল কৰিলে।

মই এয়াৰপৰ্টত আছিলো, মই তেওঁক ওলাই অহা দেখিছিলো আৰু বাছৰ কাষ চাপিছিলো। কিন্তু নিৰাপত্তাৰক্ষীয়ে মোক ওচৰ চাপিবলৈ বা লগ কৰিবলৈ নিদিলে- যুৱকজনে কয়। ইয়াৰ পিছতে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দল থকা হোটেলখনত ৰয়ে ২৩,৪০০ টকাত এটা কোঠা বুকিং কৰে। কোহলীক লগ পোৱাৰ লগতে নিজৰ প্ৰিয় ক্ৰিকেটাৰৰ সৈতে চেলফি ক্লিক কৰাৰ সুযোগ পাই হোটেলখনত তেওঁৰ এই ইচ্ছা পূৰণ হ’ল।

“দুয়োটা দল থকা হোটেলখনত খালী কোঠা এটা পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা আছিল। পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত কোহলীক বহুবাৰ মাতিলো। এটা সময়ত তেওঁ মোক লক্ষ্য কৰি ব্ৰেকফাষ্ট এৰিয়াৰ বাহিৰত লগ কৰিবলৈ ক’লে। আৰু মোৰ সপোন বাস্তৱ হ’ল -ৰয়ে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...