চকলেটেৰে ছবি আঁকি ‘ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ’ত নাম সন্নিবিষ্ট এজন ছাত্ৰৰ

নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী ৰাইডঙীয়াৰ ছাত্ৰ টিৰুত কুমাৰ বৰাই ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। জুলীয়া চকলেটে প্ৰতিকৃত অংকণ কৰি এই সফলতা অৰ্জন কৰে টিৰুত কুমাৰ বৰাই। ছাত্ৰজনৰ এই সফলতাই গৌৰাম্বিত কৰিছে সমগ্ৰ অঞ্চলবাসীক। সৰুৰে পৰা ছবি আঁকি ভালপোৱা টিৰুতে প্ৰথমতে পৰীক্ষামূলক ভাৱে জুলীয়া চকলেটেৰে সুভাষ চন্দ্ৰ বসুৰ এখন প্ৰতিকৃতি অংকণ কৰিছিল। পৰবৰ্তী সময়ত ড০ ভূপেন হাজৰিকা, ড০ বি আৰ আম্বেদকাৰ, ড০ এ পি জে আব্দুল কালাম আৰু সুভাষ চন্দ্ৰ বসু এই চাৰিজন মনিষীৰ ছবি অংকন কৰি ইণ্টাৰ নেচনেল বুক অফ ৰেকৰ্ডছ লৈ প্ৰেৰণ কৰে। টিৰুত কুমাৰ বৰাৰ এই ব্যতিক্ৰমী ছবিৰ বাবে তেঁওক ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম সন্নিবিষ্ট কৰি তেওঁলৈ মেডেল আৰু প্ৰমাণপত্ৰ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...