কাৰ্বি আংলঙৰ খৰচিং টেৰঙলৈ অসম গৌৰৱ বঁটা

অসমৰ জাতীয় জীৱনলৈ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা মহানুভৱ সকলক অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ বাবে ৰাজ্যিক কেবিনেটে অসম দিৱসৰ দিনা অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে কাৰ্বি আংলঙৰ খৰচিং টেৰঙক।

২০১৬ চনৰ ১৯ মে’ তাৰিখে অসম পৰ্বতাৰোহণ সন্থাই আয়োজন কৰা মানস বৰুৱাৰ নেতৃত্বত যোৱা অসম এভাৰেষ্ট অভিযান সফল কৰি হেনৰী ডেভিড টেৰন আৰু নন্দ দুলাল দাসৰ সৈতে পৃথিৱীৰ সৰ্বোচ্চ শিখৰত অসমীয়াৰ স্বাভিমান উৰুৱাবলৈ সক্ষম হৈছিল ‘অসম গৌৰৱ’ খৰচিং টেৰঙ।

অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই অসম পৰ্বতাৰোহণ সন্থাই কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই সিদ্ধান্তই অনাগত দিনত পৰ্বতাৰোহণৰ ক্ষেত্ৰখনক অনুপ্ৰাণিত কৰি যাব বুলি আশা ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...