কাৰ্বি আংলঙৰ খৰচিং টেৰঙলৈ অসম গৌৰৱ বঁটা

অসমৰ জাতীয় জীৱনলৈ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা মহানুভৱ সকলক অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ বাবে ৰাজ্যিক কেবিনেটে অসম দিৱসৰ দিনা অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে কাৰ্বি আংলঙৰ খৰচিং টেৰঙক।

২০১৬ চনৰ ১৯ মে’ তাৰিখে অসম পৰ্বতাৰোহণ সন্থাই আয়োজন কৰা মানস বৰুৱাৰ নেতৃত্বত যোৱা অসম এভাৰেষ্ট অভিযান সফল কৰি হেনৰী ডেভিড টেৰন আৰু নন্দ দুলাল দাসৰ সৈতে পৃথিৱীৰ সৰ্বোচ্চ শিখৰত অসমীয়াৰ স্বাভিমান উৰুৱাবলৈ সক্ষম হৈছিল ‘অসম গৌৰৱ’ খৰচিং টেৰঙ।

অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই অসম পৰ্বতাৰোহণ সন্থাই কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই সিদ্ধান্তই অনাগত দিনত পৰ্বতাৰোহণৰ ক্ষেত্ৰখনক অনুপ্ৰাণিত কৰি যাব বুলি আশা ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...