কিডনী বেচিবলৈ সাজু হওক গুৱাহাটীবাসী!

পৌৰ কৰ সংগ্ৰহক লৈ তীব্ৰ বাকযুদ্ধ অব্যাহত আছে। মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীত কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত খণ্ডক গতোৱাৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ছট্টিশগড়ৰ প্ৰতিষ্ঠানক গুৱাহাটীত কৰ সংগ্ৰহৰ দায়িত্বৰ তীব্ৰ বিৰোধিতা খোদ বিজেপি বিধায়কৰ। প্ৰথমে প্ৰাক্তন বিধায়ক তথা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিৰোধিতা কৰি মন্ত্ৰী অশোক সিংঘালৰ পদত্যাগ দাবী কৰে।

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰো তীব্ৰ বিৰোধিতা। আনহাতে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই দুৰ্ঘোৰ বিৰোধিতা কৰিছে ব্যক্তিগত খণ্ডত গতোৱাৰ। ব্যক্তিগত খণ্ডই কৰ সংগ্ৰহ কৰিলে গুৱাহাটীৰ মানুহে কিডনী বেচিব লাগিব। সাধাৰণ ৰাইজে বিশাল পৰিমাণৰ কৰ চৰকাৰক দিব নোৱাৰে বুলি আশংকা বিধায়কজনৰ। জি এম চিকে কৰ সংগ্ৰহৰ দায়িত্বৰ পোষকতা বিজেপি বিধায়কজনৰ। ব্যক্তিগত খণ্ডক কৰ সংগ্ৰহৰ দায়িত্বৰ বিৰোধিতা কৰি যাম বুলি মন্তব্য কৰিছে অতুল বৰাই।

আনহাতে, ঢেকিয়াজুলিৰ বিধায়কে গুৱাহাটীৰ সমস্যা কি বুজিব বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে অতুল বৰাই। একেদৰে, ষ্টাৰ চিমেণ্টক লৈও বিস্ফোৰক মন্তব্য অতুল বৰাৰ। মন্ত্ৰী পাটোৱাৰীয়ে মোক অফাৰ দিছিল। ষ্টাৰ চিমেণ্টৰ পৰা পুঁজি ল’বলৈ পৰামৰ্শ দিছিল। মই চন্দ্ৰমোহন পাটোৱাৰীৰ অফাৰ প্ৰত্যাহাৰ কৰিছিলো বুলি দাবী কৰে দিছপুৰৰ বিধায়কজনে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...