BTRৰ যোগ্য হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ বাবে ব্যাপক অভিযান হাতত লোৱাৰ নিৰ্দেশ

কোকৰাঝাৰত বিটিচিৰ সকলো বিভাগৰ সৈতে অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক

বিটিআৰ অঞ্চলৰ সকলো যোগ্য হিতাধিকাৰীকে ৰেচন কাৰ্ড প্ৰদানৰ বাবে ব্যাপক অভিযান হাতত লোৱাৰ নিৰ্দেশ মন্ত্ৰী সিংহলৰ

বড়োভূমিৰ বিভিন্ন দল-সংগঠনৰ সৈতেও মন্ত্ৰী সিংহলৰ আছুতীয়া বৈঠক

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ প্ৰথম দিনটোত কোকৰাঝাৰৰ বি.টি.চি. সচিবালয়ত পৰিষদৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বি টি চি এলেকাত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আৰু কল্যাণমূলক পদক্ষেপৰ ৰূপায়ণৰ সামগ্ৰিক অৱস্থা আৰু অগ্ৰগতিৰ বিষয়ে সংশ্লিষ্ট বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ পৰা বিতং খতিয়ান লয়। বিটিচিপ্ৰধান প্ৰমোদ বড়ো তথা উপ-মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী সিংহলে তেওঁৰ পূৰ্বৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্তসমূহৰ কাৰ্যৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে অঞ্চলটোত নগৰ পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, খাদ্য আৰু অসামৰিক যোগান, ক্ৰীড়া, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ কাম-কাজৰো পৰ্যালোচনা কৰে। বিশেষকৈ পৰিষদৰ অধীনৰ পাঁচখন জিলাত জলজীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম স্বনিধি, এম জি এনৰেগা, অমৃত সৰোবৰ, পিএম কিষাণ, খেল মহাৰণ আদি আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তেওঁ চহৰাঞ্চলৰ ষ্ট্ৰীট লাইট, গোটা আৱৰ্জনা ব্যৱস্থাপনা, বিটিচি এলেকাৰ উন্নয়ন খণ্ডসমূহৰ পুনৰ্গঠন, কৃষকৰ পৰা ধান ক্ৰয় আদি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰে। কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে বিটিআৰবাসীৰ প্ৰগতি আৰু কল্যাণ তেওঁৰ প্ৰথম চৰ্ত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত অঞ্চলটোত পৰিলক্ষিত হোৱা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে। পৰিষদীয় চৰকাৰে গ্ৰহণ কৰা “মিছন ছুপাৰ-৫০”, বড়োলেণ্ড স্কুল এড’পছন প্ৰগ্ৰেম, গ্ৰীণ বড়োলেণ্ড মিছন, বড়োলেণ্ড ছেৰিকালচাৰ মিছন, বড়োলেণ্ড হেণ্ডলুম মিছন, বড়োলেণ্ড পিগ মিছন আদি গুৰুত্বপূৰ্ণ পদক্ষেপৰ তেওঁ বিশেষভাৱে শলাগ লয়। আজিৰ বৈঠকত মন্ত্ৰী সিংহলে বিটিআৰ এলেকাৰ ১০০ শতাংশ বিদ্যালয়তে ল’ৰা আৰু ছোৱালীৰ প্ৰস্ৰাৱাগাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। আনহাতে মন্ত্ৰীগৰাকীৰ নিজা সমষ্টি ঢেকীয়াজুলিত সফলতাৰে ৰূপায়ণ কৰা “মিছন ১০০ শতাংশ ৰেচন কাৰ্ড” কাৰ্যসূচীৰ আৰ্হিত বিটিআৰ অঞ্চলতো সকলো যোগ্য হিতাধিকাৰীকে ৰেচন কাৰ্ড প্ৰদানৰ বাবে এক ব্যাপক অভিযান হাতত ল’বলৈ খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগক তেওঁ নিৰ্দেশ দিয়ে।‌ এই পৰ্যালোচনা বৈঠকত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি.টি.চি.ৰ কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে।

ইয়াৰোপৰি মন্ত্ৰী সিংহলে আজি বিয়লি কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত বড়োভূমিৰ বিভিন্ন দল-সংগঠনসমূহৰ সৈতেও সুকীয়া সুকীয়াকৈ এলানি বৈঠকত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। সংগঠনসমূহ হৈছে এবছু, আক্ৰাছু, আছা, আগছু, বিটিআৰ গোৰ্খা সমাজ, সদৌ অসম বাঙালী ফেডাৰেছন, সদৌ বিটিআৰ বাঙালী ফেডাৰেছন, ৰাভা ছাত্ৰ সন্থা, সদৌ বিটিআৰ অনুসূচিত জাতি ছাত্ৰ সন্থা, প্ৰাক্তন বিটিএফ কল্যাণ সমিতি, সদৌ অসম চাওতাল ছাত্ৰ সন্থা, অখিল হিন্দী বিকাশ পৰিষদ আদি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...