অৰুণ দাসকো গীত গাবলৈ মাতক…

ক’বলৈ খুজিছো নব্বৈৰ দশকৰ এজন লিজেণ্ডৰ কথা… যাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল বহু কেইটা জনপ্ৰিয় গীত। তুমি জানো জানা সোণ কিমান মৰম তোমালে, ভাৱিছা নেকি আঁতৰাই ৰাখি মোক পাহৰিব পাৰিবা তুমি, নালাগে মৰম, নকৰিবা তুমি, নক’বা ভুলতে… ভালপাওঁ বুলি- এই গীতবোৰৰ মাজেৰেই তেওঁ স্থান লৈছিল অসংখ্য শ্ৰোতাৰ বুকুত। আঁতৰি আঁতৰি নাযাবা, মনৰ যাতনা তুমি নুবুজা, অকলে অকলে মই কিমান কান্দিম, ক’ত লুকাই ফুৰিছা- এই গীতবোৰ শুনিলেই আজিও বহুজন হৈ পৰে নষ্টালজিক। তেতিয়াৰ অৰুণ দাস আজিৰ জুবিন গাৰ্গ,অংগৰাগ মহন্ত (পাপন)ৰ দৰে হাতত গীটাৰখন লৈ মঞ্চত উঠিলেই দৰ্শকৰ মাজত হৰ্ষোল্লাসৰ হৈছিল।

তেওঁৰ কথাত দুখ, গীতত দুখ, বাস্তৱতো বিষাদে ভৰা এক জীৱন… কিয় হয়তো মোৰ দৰে বহুতে নাজানে। বিহু মঞ্চত বহু গায়ক-গায়িকাই বেসুৰা গাইছে বুলি আজি বহুতৰে আপত্তি। এই সময়ত হয়তো অৰুণ দাস হ’ব পাৰে আপুনি মই ভবা সেই শিল্পীজন। আপোনাৰ-মোৰ মানসিক প্ৰশান্তিৰ লগতে আজি আনৰ আশ্ৰয়ত দিন কটোৱা মানুহজনে অলপ সকাহো পাব। কোনোবাই মাতিব বুলি তেওঁ আকুল আগ্ৰহেৰে এতিয়াও ৰৈ আছে, নীৰৱে…

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...