অৰুণ দাসকো গীত গাবলৈ মাতক…

ক’বলৈ খুজিছো নব্বৈৰ দশকৰ এজন লিজেণ্ডৰ কথা… যাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল বহু কেইটা জনপ্ৰিয় গীত। তুমি জানো জানা সোণ কিমান মৰম তোমালে, ভাৱিছা নেকি আঁতৰাই ৰাখি মোক পাহৰিব পাৰিবা তুমি, নালাগে মৰম, নকৰিবা তুমি, নক’বা ভুলতে… ভালপাওঁ বুলি- এই গীতবোৰৰ মাজেৰেই তেওঁ স্থান লৈছিল অসংখ্য শ্ৰোতাৰ বুকুত। আঁতৰি আঁতৰি নাযাবা, মনৰ যাতনা তুমি নুবুজা, অকলে অকলে মই কিমান কান্দিম, ক’ত লুকাই ফুৰিছা- এই গীতবোৰ শুনিলেই আজিও বহুজন হৈ পৰে নষ্টালজিক। তেতিয়াৰ অৰুণ দাস আজিৰ জুবিন গাৰ্গ,অংগৰাগ মহন্ত (পাপন)ৰ দৰে হাতত গীটাৰখন লৈ মঞ্চত উঠিলেই দৰ্শকৰ মাজত হৰ্ষোল্লাসৰ হৈছিল।

তেওঁৰ কথাত দুখ, গীতত দুখ, বাস্তৱতো বিষাদে ভৰা এক জীৱন… কিয় হয়তো মোৰ দৰে বহুতে নাজানে। বিহু মঞ্চত বহু গায়ক-গায়িকাই বেসুৰা গাইছে বুলি আজি বহুতৰে আপত্তি। এই সময়ত হয়তো অৰুণ দাস হ’ব পাৰে আপুনি মই ভবা সেই শিল্পীজন। আপোনাৰ-মোৰ মানসিক প্ৰশান্তিৰ লগতে আজি আনৰ আশ্ৰয়ত দিন কটোৱা মানুহজনে অলপ সকাহো পাব। কোনোবাই মাতিব বুলি তেওঁ আকুল আগ্ৰহেৰে এতিয়াও ৰৈ আছে, নীৰৱে…

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...