কৰতেৰে ৰেপি পত্নীক হত্যাৰ অপচেষ্টা, আৰক্ষীৰ জালত স্বামী মাৰ্কুছ

শিহৰণকাৰী ঘটনা। কৰেতেৰে ৰেপি পত্নীক হত্যাৰ অপচেষ্টা। ঢেকিয়াজুলিৰ চপাই বৰঝাৰ লাইনত পত্নীক হত্যাৰ অপচেষ্টা স্বামীৰ ৷ শ্ৰমিক মাৰ্কুছ কাণ্ডুলনাই পত্নী ফিলমিনা কাণ্ডুলনাক হত্যাৰ অপচেষ্টা কৰাৰ অভিযোগ ৷ পাৰিবাৰিক সংঘাতৰ ফলশ্ৰুতিত স্বামীয়ে ৪১ বছৰীয়া মহিলাগৰাকীক ডিঙিত ৰেপি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ। ঘটনা সংক্ৰান্তত আছাৰ শোণিতপুৰ জিলাৰ প্ৰচাৰ সম্পাদক বিচিত্ৰ নায়কে আৰক্ষীক অৱগত কৰাৰ লগে লগে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ঢেকিয়াজুলিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে স্বামী মাৰ্কুছ কাণ্ডুলনাক থানালৈ আটক কৰি লৈ আহে । মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱা বাবে চিকিৎসকে মহিলাগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...