বোৱাৰী মৃত্যুক কেন্দ্ৰ কৰি নুমলীগড়ত উত্তপ্ত পৰিস্থিতি

নুমলীগড়ৰ মৰঙিৰ পাটকটীয়া গাঁৱত উত্তপ্ত পৰিস্থিতি। এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতি। শুকুৰবাৰে নিশা বৈষ্ণৱী দাস বৰা নামৰ বোৱাৰী গৰাকীক স্বামী মুনীন বৰা আৰু শাহুৱেকে হত্যা কৰি ঘৰৰ ভিতৰত ওলমাই থোৱাৰ অভিযোগ বৈষ্ণৱীৰ পৰিয়ালৰ। ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে নিশায়ে মৃতদেহ উদ্ধাৰ কৰি গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত শনিবাৰে পৰিয়ালৰ লোকক চমজাই দিয়ে ৷ বোৱাৰী গৰাকীৰ মেৰাপানীৰ পৰিয়াল সহ ৰাইজ আহি স্বামীগৃহৰ ভিতৰতে সৎকাৰ কৰাৰ ব্যবস্থা কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষীৰ হস্তক্ষেপত ঘৰৰ ভিতৰৰ পৰিবৰ্তে চোতালতে সৎকাৰ কৰাৰ ব্যৱস্থা কৰে ৷ আনহাতে স্বামী গৃহৰ কোনো লোকে সৎকাৰ কৰিবলৈ আগবাঢ়ি নহাত মেৰাপানীৰ মাতৃ পৰিয়াল তথা ৰাইজৰ মাজত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হয় ৷ অৱশেষত মেৰাপানীৰ পৰা অহা বোৱাৰী গৰাকীৰ পৰিয়াল সহ ৰাইজে স্বামী মুনীন বৰাৰ ঘৰৰ সন্মুখৰ চোতালতে মৃত বৈষ্ণৱীক দাহ কৰে ৷ ইয়াকে লৈ সমগ্ৰ নুমলীগড়ত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে শনিবাৰে নিশায়ে অভিযুক্ত স্বামী মুনীন বৰা আৰু শাহুৱেকক নুমলীগড় আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...

মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি; বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা, প্ৰায় ৪০টা ঘৰত অগ্নি সংযোগ

মণিপুৰৰ পাহাৰীয়া জিলাসমূহত পুনৰ হিংসাত্মক ঘটনা ২৩ ছেপ্টেম্বৰত তামেংলং...