কাৰ দখললৈ যাব গুৱাহাটী পৌৰ নিগম?

0 29

আজি ভাগ্য নিৰ্ণয় হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৯৭ গৰাকী প্ৰাৰ্থীৰ। তাৰ ভিতৰত বিজেপিৰ ৫০ গৰাকী, কংগ্ৰেছৰ ৫৪ গৰাকী, অসম গণ পৰিষদৰ ৭ গৰাকী, AAPৰ ৩৮ গৰাকী, অসম জাতীয় পৰিষদৰ ২৫ গৰাকী, CPIMৰ ৪ গৰাকী আৰু নিৰ্দলীয়সহ অন্যান্য দলৰ প্ৰাৰ্থী আছে ১৯ গৰাকী। পুৱা ৮ বজাৰ পৰা মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত স্থাপন কৰা গণনা কক্ষত হ’ব ভোট গণনা। একেলগে এবাৰত ২০খন টেবুলত হ’ব ভোটগণনা। উল্লেখযোগ্য যে, প্ৰথমবাৰলৈ EVMত অনুষ্ঠিত হৈছে পৌৰ নিগমৰ নিৰ্বাচন ।

যোৱা ২২ এপ্ৰিলত মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত নিজৰ ভোটদান সাব্যস্ত কৰিছিল মহানগৰীৰ ৫২.৮০ শতাংশ ভোটাৰে।

Leave A Reply

Your email address will not be published.