কূটনৈতিক পৃথিৱীৰ নতুন তাৰকা: ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰ

অচিন্ত্য শৰ্মা

দিল্লীৰ অতি মৰ্যদাপূৰ্ণ শিক্ষানুষ্ঠান চেণ্ট ষ্টিফেন্স কলেজৰ এসময়ৰ মেধাবী ছাত্ৰ সুব্ৰমণিয়াম জয়শংকৰ আছিল ভাৰতীয় বিদেশ সেৱাৰ এনে এগৰাকী বিষয়া,যাৰ কূটনৈতিক দক্ষতা কেন্দ্ৰীয় কেবিনেটত আজিও এক চৰ্চাৰ বিষয়। UPA চৰকাৰৰ দহবছৰীয়া কাৰ্যকালচোৱাত কিবা এক ৰহস্যজনক কাৰণত এইগৰাকী দক্ষ বিষয়াক উপেক্ষিত কৰি ৰখা হৈছিল যদিও ২০১৪চনৰ প্ৰথমখন মোদী চৰকাৰেই তেওঁক দিছিল বিদেশ সচিবৰ গুৰুত্বপূৰ্ণ দায়িত্ব। তাৰ পিছতেই জয়শংকৰ হৈ উঠিছিল ভাৰতৰ তদানীন্তন বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ সোঁহাতস্বৰূপ।

দৰাচলতে বিদেশমন্ত্ৰী হিচাপে সুষমা স্বৰাজৰ যি সফলতাক আৰু উজ্জল ভাবমূৰ্তি, সেই সফলতা আৰু ভাবমূৰ্তিৰ আঁৰৰ ব্যক্তিজন আছিল এছ জয়শংকৰ আৰু এনে প্ৰেক্ষাপটতে ২০১৯চনত নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পূৰ্বেই, যেতিয়া স্বাস্থ্যজনিত কাৰণত সুষমা স্বৰাজে সক্ৰিয় ৰাজনীতিপৰাই অৱসৰ গ্ৰহণ কৰিছিল, তেতিয়া সম্পূৰ্ণ অপ্ৰতাশিতভাৱে, সাংসদ নোহোৱাকৈয়ে এছ জয়শংকৰক কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰোৱাই তেওঁক দিয়া হৈছিল বিদেশ মন্ত্ৰীৰ দায়িত্ব। সেই তেতিয়াৰপৰাই বিগত তিনিবছৰ ধৰি ভাৰতৰ বিদেশ নীতিক সফলতাৰে সন্মুখৰপৰা নেতৃত্ব দি আহিছে এছ জয়শংকৰে আৰু এই তিনিবছৰীয়া কাৰ্যকালচোৱাত তেওঁ প্ৰদৰ্শন কৰা দক্ষতাই বহুতকে মুগ্ধ কৰিছে। পিচে তেওঁৰ এই দক্ষতা চাগে শিখৰত আৰোহন কৰিছে সাম্পতিক ৰুছ ইউক্ৰেইন যুদ্ধৰ সময়ত। ৰুছ-ইউক্ৰেইন যুদ্ধৰ মাজতে ভাৰতে প্ৰদৰ্শন কৰা বলিষ্ঠ বিদেশ নীতি সম্প্ৰতি সৰ্বত্ৰে উচ্চ প্ৰশংসিত হৈছে। যুদ্ধকালীন এই জটিল সময়চোৱাত নতুন দিল্লীয়ে যেনেদৰে সকলো কূল মিলাই চলিছে, যেনেদৰে দেশে দেশে নিজৰ কূটনৈতিক আৰু অন্যান্য স্বাৰ্থ ৰক্ষা কৰিছে, যেনেদৰে সকলোধৰণৰ হেঁচা প্ৰতিহত কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰালয় আৰু বিদেশ মন্ত্ৰীয়ে। বহু দেশৰ বাবেই আজি এছ জয়শংকৰ হৈ উঠিছে আদৰ্শ কূটনীতিক। বিশেষকৈ শেহতীয়াভাৱে জয়শংকৰে আমেৰিকাৰ মাটিত থিয় হৈয়ে আমেৰিকাক ধমকি আৰু ইউৰোপক লাজ দিয়াৰ পিছত কূটনৈতিৰ পৃথিৱীত বহুতৰে বাবে ব্লু আইড বয় হৈ উঠিছে ভাৰতৰ বিদেশমন্ত্ৰীগৰাকী। ইয়াৰ পূৰ্বে পাক অধিকৃত গোলাম কাশ্মীৰ ভ্ৰমণকাৰী ছোমালিয়া মূলৰ ইছলামধৰ্মী মাৰ্কিন সাংসদ ইলনান ওমৰ আৰু ইছলামিক সন্ত্ৰাসবাদৰ সমৰ্থনকাৰী বৃৰ্টিছ সাংসদ নাজ শ্বাহৰ ক্ষেত্ৰতো ভাৰতে দৃষ্টান্তমূলক কঠোৰতা অবলম্বন কৰিছিল এছ জয়শংকৰৰ নেতৃত্বতে। কাৰ্যত: প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীয়ে অনবৰত ঢাক-ঢোল বজাই থকা নতুন ভাৰতৰ নতুন তথা শক্তিশালী বিদেশ নীতিৰ পৰিচয়স্বৰূপ হৈ উঠিছে স্বয়ং দেশৰ বিদেশমন্ত্ৰীগৰাকী; যাৰ নাম ডক্তৰ সুব্ৰামণিয়াম জয়শংকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...