জাহাংগীৰপুৰীৰ ঘটনাঃ সক্ৰিয় হৈ উঠিছে গ্লোবেল ইছলামিক ইক’ছিষ্টেম

দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ ওপৰত আক্ৰমণ চলোৱা দুৰ্বৃত্তহঁতৰ বিৰুদ্ধে প্ৰশাসনিক কাৰ্যব্যৱস্থা চলাৰ লগে লগে সক্ৰিয় হৈ উঠিছে বিশ্বজোৰা ইছলামিক ইক’ছিষ্টেম আৰু এই ইক’ছিষ্টেমৰ অংশীদাৰী ভাৰতবিৰোধী সংবাদমাধ্যমসমূহ। ইতিমধ্যে ঘটনাটোকলৈ অপপ্ৰচাৰত নামি পৰিছে কট্টৰ ইছলামিক ৰাষ্ট্ৰ কাটাৰস্থিত চেনেল আল ঝাঝিৰা, পাকিস্তানী সংবাদ মাধ্যম ডন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্চিংটন পোষ্ট। আনহাতে সংবাদমাধ্যম তিনিটাৰ এনে ভাৰত বিৰোধী অপপ্ৰচাৰকে বিষয়বস্তু হিচাপে লৈ উৎসাহেৰে সৈতে বাতৰি পৰিবেশন কৰিছে সততে ভাৰতৰ ভাবনমূৰ্তি ম্লান কৰাত ব্যস্ত ইংলেণ্ডৰ সংবাদ মাধ্যম বৃটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন, চমুকৈ বিবিচিয়ে।

লক্ষ্যণীয়ভাবে হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ ওপৰত আক্ৰমণ চলোৱা জাহাংগীৰপুৰীৰ দুবৃত্তহঁত ইছলামধৰ্মী হোৱাৰ লগতে সিহঁতৰ মাজৰে বিভিন্নজন অঞ্চলটোৰ চৰকাৰী ভূমি বেদখলকাৰীও। এনে আবস্থাত সেই বেদখল উচ্ছেদৰ বাবে প্ৰশাসনে কাৰ্যব্যৱস্থা হাতত লোৱাৰ লগে লগে ভাৰতৰ মুছলমানৰ ওপৰত অত্যাচাৰ চলা বুলি জোৰদাৰ বাতৰি পৰিবেশন কৰিছে উল্লেখিত সংবাদমাধ্যম সমূহে। এই ক্ষেত্ৰত আনকি ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰাৰো অভিযোগ উত্থাপিত হৈছে। আনহাতে চৰকাৰে প্ৰশাসনৰ ফালৰ পৰা স্পষ্ট কৰি দিছে যে, বেদখল উচ্ছেদৰ ক্ষেত্ৰত বা অপৰাধিৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ধৰ্মৰ কথা নাহে; এই ক্ষেত্ৰত প্ৰশাসন বা চৰকাৰী যন্ত্ৰই নিৰপেক্ষভাবেই কাম কৰে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...