জাহাংগীৰপুৰীৰ ঘটনাঃ সক্ৰিয় হৈ উঠিছে গ্লোবেল ইছলামিক ইক’ছিষ্টেম

দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ ওপৰত আক্ৰমণ চলোৱা দুৰ্বৃত্তহঁতৰ বিৰুদ্ধে প্ৰশাসনিক কাৰ্যব্যৱস্থা চলাৰ লগে লগে সক্ৰিয় হৈ উঠিছে বিশ্বজোৰা ইছলামিক ইক’ছিষ্টেম আৰু এই ইক’ছিষ্টেমৰ অংশীদাৰী ভাৰতবিৰোধী সংবাদমাধ্যমসমূহ। ইতিমধ্যে ঘটনাটোকলৈ অপপ্ৰচাৰত নামি পৰিছে কট্টৰ ইছলামিক ৰাষ্ট্ৰ কাটাৰস্থিত চেনেল আল ঝাঝিৰা, পাকিস্তানী সংবাদ মাধ্যম ডন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্চিংটন পোষ্ট। আনহাতে সংবাদমাধ্যম তিনিটাৰ এনে ভাৰত বিৰোধী অপপ্ৰচাৰকে বিষয়বস্তু হিচাপে লৈ উৎসাহেৰে সৈতে বাতৰি পৰিবেশন কৰিছে সততে ভাৰতৰ ভাবনমূৰ্তি ম্লান কৰাত ব্যস্ত ইংলেণ্ডৰ সংবাদ মাধ্যম বৃটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন, চমুকৈ বিবিচিয়ে।

লক্ষ্যণীয়ভাবে হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ ওপৰত আক্ৰমণ চলোৱা জাহাংগীৰপুৰীৰ দুবৃত্তহঁত ইছলামধৰ্মী হোৱাৰ লগতে সিহঁতৰ মাজৰে বিভিন্নজন অঞ্চলটোৰ চৰকাৰী ভূমি বেদখলকাৰীও। এনে আবস্থাত সেই বেদখল উচ্ছেদৰ বাবে প্ৰশাসনে কাৰ্যব্যৱস্থা হাতত লোৱাৰ লগে লগে ভাৰতৰ মুছলমানৰ ওপৰত অত্যাচাৰ চলা বুলি জোৰদাৰ বাতৰি পৰিবেশন কৰিছে উল্লেখিত সংবাদমাধ্যম সমূহে। এই ক্ষেত্ৰত আনকি ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰাৰো অভিযোগ উত্থাপিত হৈছে। আনহাতে চৰকাৰে প্ৰশাসনৰ ফালৰ পৰা স্পষ্ট কৰি দিছে যে, বেদখল উচ্ছেদৰ ক্ষেত্ৰত বা অপৰাধিৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ধৰ্মৰ কথা নাহে; এই ক্ষেত্ৰত প্ৰশাসন বা চৰকাৰী যন্ত্ৰই নিৰপেক্ষভাবেই কাম কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...