পানীৰ মাজত প্ৰতিবাদ ৰাইজৰ

পানীৰ মাজত প্ৰতিবাদ হায় হায় ধ্বনি বিধায়ক, সাংসদক উদ্দেশ্যিও। প্ৰতিবাদৰ জলস্থান ধিং। কোনোৱে ঠেলি ঠেলি নিছে চাইকেল। কোনোৱে তুলিছে কান্ধত। আঠুলৈকে কাপোৰ কোঁচাই শিক্ষাৰ্থী গৈছে শিক্ষাৰ পোহৰ বিচাৰি। ধিঙৰ বাৰুৱাটিৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ যোৱা গড়কাপ্তানী পথত একাঠু পানীৰ মাজত ৰাইজৰ জল যাতনা।২০ খনতকৈও অধিক ৰাজহ গাঁও পৰিছে পানীৰ কবলত। পিছে এয়া কোনো নৈয়ে কঢ়িওৱা বান নহয়। ৰাইজক জ্বলা কলা খুওৱা এয়া কৃত্ৰিম বান।
ৰাইজ নাৰাজ। ৰাইজৰ অভিযোগ একাংশ দুষ্ট প্ৰকৃতিৰ মৎস্য পালকৰ বাবে কৃত্রিম বানৰ সৃষ্টি। একাংশ মৎস্য পালকে কৰিছে চৰকাৰী ভূমি দখল। সাজিছে বৃহৎ বৃহৎ পুখুৰী।

ৰৌমাৰী বিল, ছালনাবড়ী বিলৰ চৰকাৰী ভূমি বেদখল কৰি পুখুৰী খান্দিছে একাংশ। আনকি পথাৰৰ পানী ওলাই যোৱা কাৰ্লভাটৰ সন্মুখতো পুখুৰী খান্দি বন্ধ কৰি দিছে পানী ওলাই যোৱা নলা। যাৰ ফলত এই দুৰৱস্থা। ৰাইজে পূৰ্বেও কৰিছে আবেদন-নিবেদন। পূৰ্বেও কৰিছে প্ৰতিবাদ। কিন্তু ৰাইজৰ অভিযোগ এইবোৰে একো ফল ধৰা নাই।

ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ হৈছে ভীষণ সমস্যাৰ। কিন্তু কোনো কাণসাৰ নাই ধিং ৰাজহ চক্রৰ চক্ৰ বিষয়াৰ। জনপ্ৰতিনিধিক বাৰম্বাৰ অনুনয় বিনুনয় কৰিও পোৱা সহাঁৰি নোপোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ। সেয়ে এই প্ৰতিবাদ।

প্ৰতিবাদ চলিছে ঠিকেই। কিন্তু এই প্ৰতিবাদৰ উত্তৰ সমাধান হৈ ওলাব নে? সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...