কবিতাৰ শিৰোনাম ‘ৰাজসভা’, ৰাজনীতিৰ পৰা সাহিত্য জগতত খোপনি পুতিছে ভূপেন বৰাই!

‘মই ফায়াৰ বিগ্ৰেড’ শীৰ্ষক বহুচৰ্চিত কবিতাৰ পিছত আজি পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ৰাজনৈতিক জীৱনৰ দ্বিতীয়টো কবিতা উন্মোচন কৰে ৷ দ্বিতীয়টো কবিতাৰ শিৰোনাম- ‘ৰাজসভা’। প্ৰথমটো কবিতাক লৈ ব্যাপক চৰ্চাৰ পিছত দ্বিতীয়টো কবিতাক লৈ আশাবাদী কংগ্ৰেছ সভাপতিগৰাকী। কি আছে কবিতাটোত?

>>ৰাজসভা

প্ৰথমতে কথা, শেষত গতা ,
কথাটো আছে মজা !!
কাৰণ
গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা, নীতি, নৈতিকতা
বিবেকৰ দৰে বৈচিত্ৰময়বিশাল শদ্বৰ গাঁথা!!

বিৰোধী ঐক্য লাগে,
ঐক্যৰ বাবে পঞ্জীয়নৰ মাচুল নালাগে!!

বিৰোধীৰ অনৈক্য লাগে,
কাৰণ
অনৈক্যৰ মাজত আছে NIAৰ অফাৰ,
সুগন্ধীৰ বজাৰ,
হেডচাৰৰ প্ৰচাৰ,
কোনেও নকৰে মোক বিমুখ এইবাৰ!!

নীতি, আৰ্দশ, বিবেক, গণতন্ত্ৰ,
ধৰ্ম নিৰপেক্ষতা কেৱল শব্দ মালা,
CID, ED, NIAৰ কান্ধত উঠি
লক্ষী মাতাই দেখুৱালে ৰাজসভাৰ অপূৰ্ব লীলা!!

ধোৱা তুলসীৰ পাত হৈ ৰ’ল,
ক্ৰেতা-বিক্ৰেতা!!
নিঃশব্দে নিঃপালি দিছে,
সজাগ জনতা!!
ঢৌ খেলি মাৰ গৈছে
খবৰৰ দাতা !!

প্ৰথমতে কথা, শেষত গতা,
কথাতো আছে মজা!!

শ্ৰী ভূপেন কুমাৰ বৰা
০২-০৪-২০২২

উল্লেখ কৰিব পাৰি যে, ইয়াৰ পূৰ্বৰ ‘মই ফায়াৰ বিগ্ৰেড’ক লৈ বিজেপিয়ে সমালোচনা কৰাৰ বিপৰীতে একাংশই প্ৰশংসা কৰিছিল ভূপেন বৰাক। ভূপেন বৰাক ইতিকিং কৰাৰ লগতে মৌলিকতাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল একাংশই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...