‘অনসূনী চিঁখে’লৈ এইবাৰ শ্রেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটা

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে চলচ্চিত্র জগতখনত বিশেষভাৱে চৰ্চিত হোৱা ড° পাৰ্থ সাৰথি মহন্তৰ অসমীয়া চুটি ছবি “অনসূনী চিঁখে” এইবাৰ “শ্রেষ্ঠ এছিয়ান চুটি ছবি’ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। কালি চেন্নাইত সামৰণি পৰা “কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ’ত ছবিখনে এই বঁটা লাভ কৰে।

ড° মহন্তৰ এটি কবিতাৰ আধাৰত নিৰ্মিত ছবিখনত এককভাৱে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ প্ৰত্যাহ্বানেৰে ভৰা কষ্টকৰ এক শক্তিশালী জীৱন-যাত্রাক চিত্রায়িত কৰা হৈছে। জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, তাৰ প্ৰকৃত ছবিখন ইয়াত প্রতিফলিত হৈছে। উল্লেখযোগ্য যে ড° পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্রাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনে জয়পুৰ চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকতাত অনুষ্ঠিত ইনডিপেন্ডেন্ট চলচিত্র মহোৎসৱত ইতিমধ্যে “শ্রেষ্ঠ চুটি ছবি”ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি, ছবিখন কান চলচ্চিত্র মহোৎসৱৰ “মার্চে ডু ফিল্ম” (অনলাইন শাখা)ত প্রদর্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...