কৰুণ! পেপাৰ মিলৰ আৰু এজন কৰ্মচাৰীয়ে হেৰুৱালে প্ৰাণ

ভাৰত চৰকাৰৰ মালিকানাধীন এইচপিচি পেপাৰ মিলত বৃদ্ধি পালে মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা। নগাঁও কাগজ কলৰ এইচপিচি কোৱাৰ্টাৰৰ বাসিন্দা আৰু নগাঁও কাগজ কলৰ কৰ্মী মঃ ছাৰিফুদ্দিন আহমেদৰ ৫৭ বছৰ বয়সত আজি পুৱা ৭-৩০ বজাত মৃত্যু হয়। আশ্চৰ্জনকভাৱে, তেওঁ জাগীৰোড কাগজ কলৰ সমীপৰ ৰোড চাইডত অচেতন অৱস্থাত পৰি আছিল। আৰু চিকিৎসাৰ বাবে তেওঁক জিএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও, দুৰ্ভাগ্যবশতঃ মৃত্যু হয় দীৰ্ঘদিন ধৰি ডায়েবেটিচ আৰু হাপানি ৰোগত আক্ৰান্ত কৰ্মচাৰীজনৰ।

অসহনীয় কষ্ট, চাপ, মানসিক আঘাতৰ সৈতে দিন পাৰ হৈ যোৱা প্ৰতিজন জীৱিত শ্ৰমিকে মানৱ সন্মানৰ সৈতে জীৱন যাপন কৰাৰ সকলো আশা হেৰুৱাইছিল। আনহাতে যোৱা ৬৩ মাহৰ দৰমহা পৰিশোধ নকৰা চৰকাৰে আজি শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে সাহায্য পেকেজ মুকলি কৰিছে।

১০২ জনলৈ বৃদ্ধি হোৱা মৃত্যুৰ সংখ্যাত অন্তৰ্ভুক্ত আছে অসমৰ এইচপিচি পেপাৰ মিলছত ৪জনকৈ লোকৰ আত্মহত্যা (ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অসমত নতুন চৰকাৰ গঠনৰ পিছত ১৭জনৰ মৃত্যু)।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...