কৰুণ! পেপাৰ মিলৰ আৰু এজন কৰ্মচাৰীয়ে হেৰুৱালে প্ৰাণ

ভাৰত চৰকাৰৰ মালিকানাধীন এইচপিচি পেপাৰ মিলত বৃদ্ধি পালে মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা। নগাঁও কাগজ কলৰ এইচপিচি কোৱাৰ্টাৰৰ বাসিন্দা আৰু নগাঁও কাগজ কলৰ কৰ্মী মঃ ছাৰিফুদ্দিন আহমেদৰ ৫৭ বছৰ বয়সত আজি পুৱা ৭-৩০ বজাত মৃত্যু হয়। আশ্চৰ্জনকভাৱে, তেওঁ জাগীৰোড কাগজ কলৰ সমীপৰ ৰোড চাইডত অচেতন অৱস্থাত পৰি আছিল। আৰু চিকিৎসাৰ বাবে তেওঁক জিএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও, দুৰ্ভাগ্যবশতঃ মৃত্যু হয় দীৰ্ঘদিন ধৰি ডায়েবেটিচ আৰু হাপানি ৰোগত আক্ৰান্ত কৰ্মচাৰীজনৰ।

অসহনীয় কষ্ট, চাপ, মানসিক আঘাতৰ সৈতে দিন পাৰ হৈ যোৱা প্ৰতিজন জীৱিত শ্ৰমিকে মানৱ সন্মানৰ সৈতে জীৱন যাপন কৰাৰ সকলো আশা হেৰুৱাইছিল। আনহাতে যোৱা ৬৩ মাহৰ দৰমহা পৰিশোধ নকৰা চৰকাৰে আজি শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে সাহায্য পেকেজ মুকলি কৰিছে।

১০২ জনলৈ বৃদ্ধি হোৱা মৃত্যুৰ সংখ্যাত অন্তৰ্ভুক্ত আছে অসমৰ এইচপিচি পেপাৰ মিলছত ৪জনকৈ লোকৰ আত্মহত্যা (ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অসমত নতুন চৰকাৰ গঠনৰ পিছত ১৭জনৰ মৃত্যু)।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...