বিশ্বদৰবাৰত ভাৰতীয়ৰ দপদপনি, নাছাৰ চন্দ্ৰ অভিযানত ভাৰতীয় মূলৰ অনিল মেনন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই চন্দ্ৰ অভিযানৰ বাবে ১০জন প্ৰশিক্ষাৰ্থী মহাকাশচাৰী বাছনি কৰিছে। এই ১০জনীয়া মহাকাশচাৰীৰ ভিতৰত আছে ভাৰতীয় মূলৰ অনিল মেনন। ৪৫ বছৰীয়া অনিল নাছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাৰ এজন লেফটেনেণ্ট কৰ্ণেল আৰু স্পেচএক্সৰ এজন বিমান শল্য চিকিৎসকো আছিল। এই অভিযানৰ বাবে বাছনি কৰা ১০জন লোকৰ ভিতৰত আছে ৬জন পুৰুষ আৰু ৪গৰাকী মহিলা। নাছাই ৫০ বছৰৰ পিছত চন্দ্ৰলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ বাবে এটা প্ৰকল্পৰ পৰিকল্পনা কৰিছে নাছাই। উল্লেখ্য যে, অনিল মেননে ভাৰতত প্ৰায় এবছৰ অতিবাহিত কৰিছিল। তাৰ পিছত তেওঁলোকক পলিঅ’ৰ অধ্যয়ন কৰিবলৈ ইয়ালৈ পঠোৱা হৈছিল।

অনিল মেননৰ পিতৃ-মাতৃ ভাৰতীয় আৰু ইউক্ৰেনৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনেচ’টাত ডাঙৰ-দীঘল হৈছিল মেনন। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নায়ু জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল অনিল মেননে। ২০০৪ চনত কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছিল। ইয়াৰ লগতে ষ্টেনফৰ্ড মেডিকেল স্কুলৰ পৰা চিকিৎসাৰ ডিগ্ৰীও লাভ কৰিছে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত নাছাৰ কেইবাটাও অভিযানৰ বাবে এজন ক্ৰু ফ্লাইট চাৰ্জনৰ ভূমিকাও পালন কৰিছে অনিল মেননে। ২০১৪ চনত নাছাত ফ্লাইট চাৰ্জন হিচাপে কাম কৰা আৰম্ভ কৰিছিল। চয়ুজ মিছনতো যোগদান কৰিছিল অনিল মেননে। ২০১৮ চনত এলান মাস্কৰ স্পেচএক্স প্ৰতিষ্ঠানতো যোগদান কৰিছিল। কোম্পানীৰ প্ৰথম মানৱ উৰণৰ বাবে চিকিৎসা কাৰ্যসূচী আৰু প্ৰস্তুতিতো সহায় কৰিছিল মেননে। ষ্টাৰশ্বিপ নিৰ্মাণ, মহাকাশচাৰী , উৎক্ষেপণ কাৰ্যসূচীৰ বাবেও কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট অনিল মেনন।

উল্লেখ্য যে, এতিয়ালৈকে ভাৰতৰ পৰা ৪জন লোক মহাকাশলৈ গৈছে যদিও চন্দ্ৰত এইপৰ্যন্ত এজনো লোক খোজ থোৱা নাই কোনো ভাৰতীয়ই। ভাৰতৰ প্ৰথম মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা। ইয়াৰ উপৰিও ভাৰতীয় মূলৰ কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছেও মহাকাশলৈ গৈছিল। যদিহে অনিল মেনন নাছাৰ চন্দ্ৰ অভিযানৰ অংশ হয়, তেন্তে তেওঁ চন্দ্ৰলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম ব্যক্তি হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...