নাৰী দিৱসৰ দিনাই অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ উত্তাল প্ৰতিবাদ

আজি আন্তৰ্জাতিক নাৰী দিৱস৷ নাৰী দিৱসৰ দিনাই CITUৰ সহযোগত প্ৰতিবাদত নামিল অংগনবাড়ী কৰ্মী আৰু সহায়িকা। উল্লেখযোগ্য যে, অঙ্গনবাড়ী কৰ্মীৰ বিভিন্ন দাবী ৰূপায়ণ কৰাৰ উদ্দেশ্যে নলবাৰী চহৰৰ CITUৰ কাৰ্য্যালয়ৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় হৈ বড়ো মহজিদ হৈ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখলৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে মহিলাসকলক ৮ মাৰ্চত বিশেষ চুটিৰ ব্যৱস্থা, কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তৰ জৰিয়তে স্মাৰক প্ৰত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। ইফালে আজিৰ এই প্ৰতিবাদত প্ৰায় সহস্ৰাধিক মহিলা উপস্থিত থাকি আজিৰ বিশেষ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰে বুলি মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...