পৰেশ বৰুৱা আৰু জিপি সিঙৰ মুকলি বাকযুদ্ধ

পৰেশ বৰুৱা আৰু জিপি সিঙৰ মুকলি বাকযুদ্ধ
ডিজিপিক হুংকাৰ দি ধাৰাৱাহিক কূটাঘাত আলফা স্বাধীনৰ
ডিজিপিয়ে অহং মনোভাৱ নেৰিলে সামৰিক অভিযান অব্যাহত ৰখাৰ ভাবুকি
আলফা স্বাধীনক উভতি ধৰি মুকলি প্ৰত্যাহ্বান ডিজিপি জিপি সিঙৰ
‘আলফাৰ যদি মোক লৈ অসুবিধা তেন্তে মোক টাৰ্গেট কৰক’
‘জনসাধাৰণৰক কষ্ট দিয়াতকৈ কাহিলিপাৰা বা উলুবাৰীলৈ আহিলৈ আহক’

২২ নৱেম্বৰত তিনিচুকীয়াৰ ডিৰাকৰ ভাৰতীয় সেনাৰ ১৯নং গ্ৰেনেডিয়াৰ শিৱিৰৰ সন্মুখত বিস্ফোৰণ
৯ ডিচেম্বৰত শিৱসাগৰৰ জয়সাগৰস্থিত CRPFৰ ১৪৯ নং বেটেলিয়নৰ সন্মুখত দ্বিতীয়টো বিস্ফোৰণ
১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰীস্থিত সেনা চাউনীৰ চৌহদত তৃতীয়টো বিস্ফোৰণ
১৪ ডিচেম্বৰৰ নিশাই টীয়কত ৰহস্যজনক গুলীচালনা
১৫ ডিচেম্বৰ অৰ্থাৎ‍ আজি তিনিচুকীয়াৰ হিজুগুৰীত গ্ৰেনেড উদ্ধাৰ

একপ্ৰকাৰ অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ অস্বীত্বক প্ৰত্যাহ্বান জনাই যেন আলফা স্বাধীনে বাৰে বাৰে জাহিৰ কৰিছে নিজৰ অস্তীত্ব।আৰু তাৰ পিছতেই এই ধাৰাৱাহিক কূটাঘাটৰ দ্বায়িত্ব স্বীকাৰ কৰি সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ বিবৃতি। বিবৃতি যোগে পুনৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙক ভাবুকি। ভাৰত আৰু অসমৰ ৰাজনৈতিক সংঘাতক আইন শৃংখলাৰ ৰহন নাসানিবলৈ জিপি সিঙক কঠোৰ সকীয়নি। অহং মনোভাৱ পৰিহাৰ কৰি এই বিষয়টোৰ পৰা আঁতৰি থাকিবলৈও ডিজিপিক নিৰ্দেশ বিদ্ৰোহী সংগঠনটোৰ। অন্যথা সামৰিক অভিযান অব্যাহত ৰখাৰ হুংকাৰ। কিন্তু পৰেশ বৰুৱাৰ এই কঠোৰ সকীয়নিৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ। য’তে ত’তে বোমা ফুটাই ৰাইজক কষ্ট দিয়াতকৈ জিপি সিঙকে টাৰ্গেট কৰাৰ প্ৰত্যাহ্বান। অসম মাতৃক ভালপোৱা সকলে আইৰ বুকুত কেনেদৰে আঘাত হানে বুলিও প্ৰশ্ন ডিজিপি সিঙৰ।

কূটাঘাত সংঘটিত কৰা সকল শীঘ্ৰে চিনাক্ত কৰা হ’ব বুলি দাবী ডিজিপিৰ। অপৰাধীক চিনাক্ত কৰিবলৈ NIA আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সহায় লোৱা হ’ব বুলিও মন্তব্য জিপি সিঙৰ। আনহাতে শেহতীয়াকৈ অসম আৰক্ষীয়ে কলচেণ্টাৰ কেলেংকাৰী, এ পি এছ চিকে ধৰি বহু তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ সময়তে আলফা স্বাধনৰ কূটাঘাত ৰোধত নিয়োজিত কৰিব লাগিলে অসৰ ৰাইজৰে লোকচান হ’ব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডিজিপিয়ে।

এতিয়া ধাৰাবাহিক বিস্ফোৰণত আতংকিত ৰাইজ। তাৰ বিপৰীতে এনেদৰেই এতিয়া আলফা স্বাধীন আৰু ডিজিপিৰ মুখ চুপতি। এই চুপতি এতিয়া কি পৰ্যায়লৈ যায়, কি হয় গৈ ইয়াৰ পৰিণতি তাৰ ওপৰতে দৃষ্টি নিবদ্ধ ৰাজ্যবাসীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...