ব্ৰিটেইনত এটা বিশেষ চৰাইৰ অস্তিত্ব ৰক্ষাৰ যুঁজত এতিয়া ‘নায়ক’ হৈ পৰিছে মাত্ৰ এটা মতা চৰাই। নাম AU। বয়স ১০ বছৰ। আৰু এতিয়ালৈকে এই চৰাইটোৱে জন্ম দিছে ১৬টা পোৱালি—যাৰ ভিতৰত বিগত দুটা বছৰতে জন্ম দিছে ১০টা পোৱালি।
এই অসাধাৰণ প্ৰজনন ক্ষমতাৰ বাবেই সংৰক্ষণবিদসকলৰ মাজত AU এতিয়া বিশেষ চৰ্চাৰ বিষয়।
কোন এই AU?
AU হৈছে Montagu’s Harrier (মণ্টেগুৰ হেৰিয়াৰ) নামৰ এবিধ পৰিভ্ৰমী চিকাৰী চৰাই। অসমৰ বহু ঠাইত এনে চৰাইক সাধাৰণভাৱে ‘শেন চৰাই’ বুলিও কোৱা হয়।
এই চৰাইবিধে শীতকালত আফ্ৰিকা আৰু এছিয়াৰ কিছু অঞ্চলত কটোৱাৰ পিছত প্ৰতি বছৰে বসন্তকালত ইউৰোপলৈ উভতি আহে আৰু তাত প্ৰজনন কৰে।
‘Montagu’s Harrier’ নামটো ব্ৰিটিছ প্ৰকৃতিবিদ George Montagu-ৰ নামৰ পৰা আহিছে।
চৰাইবিধৰ অন্যতম বিশেষত্ব হৈছে ইয়াৰ অত্যন্ত মসৃণ, লঘু আৰু ভাঁহি যোৱাৰ দৰে উৰণ। আকাশত ই যেন বতাহত ভাঁহি ফুৰে। ইয়াৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে লিংগভেদে দেহৰ ৰং আৰু আকৃতিত স্পষ্ট পাৰ্থক্য—অৰ্থাৎ মতা আৰু মাইকী চৰাই দেখাত যথেষ্ট বেলেগ।
কিন্তু ব্ৰিটেইনত কিয় ইমান গুৰুত্বপূৰ্ণ?
বিশ্বজুৰি Montagu’s Harrier-ৰ অৱস্থা তুলনামূলকভাৱে স্থিৰ আৰু IUCN-ৰ তালিকাত ইয়াক ‘Least Concern’ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। কিন্তু ব্ৰিটেইনৰ ক্ষেত্ৰত ছবিখন সম্পূৰ্ণ পৃথক।
Royal Society for the Protection of Birds (RSPB)-ৰ তথ্য অনুসৰি, ১৯৫০ৰ দশকত ব্ৰিটেইনত এই চৰাইৰ প্ৰায় ৩০টা প্ৰজননক্ষম যোৰ আছিল।
কিন্তু ১৯৭০ৰ দশকলৈ এই সংখ্যা হ্ৰাস পাই শূন্যলৈ নামি আহে।
পিছত সংৰক্ষণৰ বিভিন্ন প্ৰচেষ্টাৰ ফলত জনসংখ্যাই পুনৰ লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ২০০০ৰ দশকৰ মাজভাগত প্ৰায় ১৩টা প্ৰজননক্ষম যোৰ পোৱা গৈছিল। তথাপিও প্ৰজাতিটোৰ ভৱিষ্যৎ অনিশ্চিত হৈয়ে থাকে।
AU-ৰ অসাধাৰণ প্ৰেমকাহিনী
এই কঠিন পৰিস্থিতিৰ মাজতেই AU-ৰ কাহিনীটো বিশেষ হৈ পৰিছে।
২০২৫ চনত AU-এ সফলভাৱে চাৰিটা পোৱালি ডাঙৰ কৰাৰ পিছত এই বছৰো পুনৰ নিজৰ সংগিনী বিচাৰি আকাশত আৰম্ভ কৰে চমকপ্ৰদ প্ৰেমৰ নৃত্য।
সংৰক্ষণবিদ Mark Thomas-ৰ মতে, AU-এ প্ৰায় ১,০০০ ফুট উচ্চতালৈ উৰি গৈ আকাশত অসাধাৰণ পাক-ঘূৰণি মাৰে আৰু ডেউকা মেলি এক বিশেষ প্ৰদৰ্শন কৰে।
এই দৃশ্যই মাইকী চৰাইক আকৰ্ষণ কৰে।
এইবাৰ AU-ৰ মন জয় কৰিবলৈ তিনিগৰাকী মাইকী চৰাইৰ মাজত প্ৰতিযোগিতা হৈছিল। অৱশেষত তেওঁলোকৰ মাজত হোৱা সংঘাতৰ পিছত দুগৰাকী মাইকী চৰাই অঞ্চলটোত থাকি AU-ৰ সৈতে বাহ সাজি প্ৰজনন কৰে।
এটা চৰাই, এটা প্ৰজাতিৰ বাবে আশাৰ কিৰণ
AU-এ এতিয়ালৈকে জন্ম দিয়া ১৬টা পোৱালিৰ ভিতৰত বিগত দুটা বছৰতে ১০টাৰ জন্ম দিয়াটো সংৰক্ষণবিদসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
এটা সময়ত ব্ৰিটেইনৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে হেৰাই যোৱা Montagu’s Harrier-ৰ ক্ষুদ্ৰ জনসংখ্যাক পুনৰ গঢ়ি তোলাৰ ক্ষেত্ৰত AU-ৰ দৰে সফল প্ৰজননক্ষম মতা চৰাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
সেয়ে AU কেৱল এটা ‘সফল প্ৰেমিক’ চৰাই নহয়—ব্ৰিটেইনত এটা সম্পূৰ্ণ প্ৰজাতিৰ অস্তিত্ব ৰক্ষাৰ আশাৰ প্ৰতীক হৈ পৰিছে।
