বিতৰ্কৰ মাজতে ৰাজ্যত পুনৰ আৰম্ভ হ’ল অমৃত বৃক্ষ অভিযান

বিতৰ্কৰ মাজতে ৰাজ্যত পুনৰ আৰম্ভ হ’ল অমৃত বৃক্ষ অভিযান। মাতৃৰ নামৰ গছপুলি ৰুই অভিযানৰ সূচনা কৰিলে মুখ্যমন্ত্ৰীয়ে। ১ৰ পৰা ২০ আগষ্টলৈ ৰাজ্যত ৰোপণ হ’ব ৩ কোটি গছপুলি। অমৃত বৃক্ষ অভিযানত লগোৱা গছপুলি নষ্ট হোৱা নাই বুলি মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান। বিধায়ক অখিলৰ মতে এয়া নাটক।

ৰাজ্যত পুনৰ আৰম্ভ অমৃত বৃক্ষ অভিযান ২.০
গছেৰে চতুৰ্দিশ সেউজ কৰাৰ লক্ষ্য
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে অভিযান
আৰম্ভ হ’ল এজুপি গছ মাৰ নামত কাৰ্যসূচী

যোৱা বৰ্ষত অভিলেখসংখ্যক গছপুলি ৰোপণৰ পাছত পুনৰ ৰাজ্যত গছ ৰোপণৰ আয়োজন। দিশপুৰৰ বিধায়ক আৱাসত গছপুলি ৰোপণেৰে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে অমৃত বৃক্ষ অভিযানৰ। গছপুলি ৰোপণেৰে মু্খ্যমন্ত্ৰীয়ে ক’লে আয়োজনৰ উদ্দেশ্য। অনাগত ২০ আগষ্টলৈকে চলিব গছ ৰোপণৰ কাৰ্যসূচী। এইবাৰৰ লক্ষ্য GFX ৩ কোটি বানিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ। ৰাজ্যবাসীলৈ পঞ্জীয়নৰ বাবে মুকলি কৰিছে এটা পৰ্টেল। যত গছপুলি পাবৰ বাবে আৰু ৰোপণৰ ফটো আপলোড কৰিব পাৰিব জনগণে।

ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বনমন্ত্ৰীয়েও আৰম্ভ কৰিলে অভিযানৰ। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ জীয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়ত বৃস্পতিবাৰে ৰূপায়ণ কৰা হয় অমৃত বৃক্ষ আন্দোলনৰ কাৰ্য্যসূচী।বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এডাল মূল্যবান বৃক্ষ ৰোপণ কৰাৰ পিছতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই মহানিমৰ পুলি ৰোপণ কৰে ।
এখন মুকলি সভা অনুষ্ঠিত কৰি কেবাটাও আত্মসহায়ক গোট আৰু শিশুক বিতৰণ কৰা হয় গছপুলি।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰা হল এই আন্দোলনৰ আৰম্ভণি। চিৰাঙৰ জিলা সদৰ কাজলগাঁওত চিৰাং বন সংমণ্ডল কাৰ্য্যালয়ত আয়োজিত অনুষ্টানত বিটিআৰৰ উপাধ্যক্ষ অবিৰাম মহানায়ক আৰু চিৰাং জিলা আয়ুক্ত পি বিজয় ভাষ্কৰ ৰেড্ডীয়ে আনুষ্টানিক ভাৱে ফিতা কাটী গছ পুলি ৰোপনেৰে শুভাৰম্ভ কৰে অমৃত বৃক্ষ আন্দোলন ২০২৪ৰ।
অসম চৰকাৰৰ দ্বিতীয় বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনৰ তত্পৰতা গোৱালপাৰা জিলাতো। কাৰ্যসূচী সফল কৰাৰ বাবে গোৱালপাৰা জিলা বন বিভাগে এইবেলি ৩১ লাখ ৩ হাজাৰ গছপুলি প্ৰস্তত কৰি তুলিছে । ইয়াৰে ৭ লাখ ৬৪ হাজাৰ গছপুলি নিজ জিলা গোৱালপাৰাত ৰোপণ হব। বাকী গছপুলি সমূহ দক্ষিণ শালমাৰা, দৰং আৰু কামৰূপ গ্ৰাম্য জিলাত যোগান ধৰা হ’ব।

ৰাজ্যত বিভিন্ন প্ৰান্তত অমৃত বৃক্ষ আন্দোলনৰ মাজতে বিভিন্ন প্ৰতিক্ৰিয়া আহিছে।
অভিযোগ উঠিছে এই আন্দোলন কেৱল চমক সৃষ্টিৰ।
যোৱাবাৰ ৰোপণ কৰা পুলি ৯০ শতাংশই মৰিল।
খাৰুপেটীয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ চৰকাৰৰ এই কাৰ্যসূচীৰ সমালোচনা।


যোৱাবাৰৰ গছপুলি কি হৈছে নহৈছে দেখাই দেখিছে। সকলোৱে দেখিছে কোটি কোটি গছপুলিৰ শেহতীয়া অৱস্থা। ১ কোটি গছপুলিৰ কিমান শতাংশ বাছিল তাক লৈ চৰ্চা চলি থকাৰ সময়তে আন এটা প্ৰসংগই মূৰ তুলি উঠিছে। যোৱাবাৰ ১ কোটিৰ বহুলাংশে বিপন্ন, এইবাৰ ৩ কোটিৰো একেই হ’ব নেকি গতি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...