মৃত্যুৰে যুঁজি যুঁজি হাৰিল আন এটা বন্য ঘোঁৰা

বানৰ বাবে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰৰে উটি আহিছিল বন্য ঘোঁৰা। এই বন্য ঘোঁৰাৰ বাবেই জগত বিখ্যাত ডিব্ৰু চৈখোৱা। কিন্তু বিপদাপন্ন বন্য ঘোঁৰাৰ প্ৰতি যেন কোনো দায়িত্ববোধেই নাই। বগীবিলত আবদ্ধ ঘোঁৰাৰ প্ৰতি নিৰুদ্বেগ দায়িত্বজ্ঞানশূন্য বন বিভাগ। মঙলবাৰৰ পৰা ধাৰাবাহিকভাৱে এই দুষ্প্ৰাপ্য বন্য ঘোঁৰাৰ বাতৰি প্ৰকাশ পাই আহিছে NKTVত। চেষ্টা চলিছে ঘোৰ নিদ্ৰাত থকা ডিব্ৰুগড় বন বিভাগৰ দৃষ্টি আকৰ্ষণ কৰাৰ। কিন্তু নাই কেৰেপেই নাই।

হাজাৰ গৰিহণায়ো গা লৰাব নোৱাৰিলে চন্দ্ৰমোহনৰ বন বিভাগৰ
মৃত্যুৰে যুঁজি যুঁজি হাৰিল আন এটা বন্য ঘোঁৰা
তথাপিও ডিব্ৰুগড়ৰ বিয়াগোম বনবিভাগৰ ‘ঘোৰ ঘূমতি’ নাভাগিল
বিপদাপন্ন বন্য ঘোঁৰাৰ প্ৰতি যেন কোনো দায়িত্ববোধেই নাই
এটা এটাকৈ দুটা ঘোঁৰা মৰিল খাদ্যৰ অভাৱত, বোকাত লাগি
বগীবিলত আবদ্ধ ঘোঁৰাৰ প্ৰতি নিৰুদ্বেগ দায়িত্বজ্ঞানশূন্য বন বিভাগ
মুখ্যমন্ত্ৰীৰ অমৃত বৃক্ষ আন্দোলন সাকাৰ কৰাত ব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নেতৃত্বাধীন বন বিভাগ
জীৱন্ত অৱস্থাত বন্য ঘোঁৰাক উদ্ধাৰ কৰিবলৈ যাবলৈ আহৰি নোলাল ডিব্ৰুগড়ৰ বনবিভাগৰ
আজিহে ওলাল ভগা সবাহত উৰুলি দিবলৈ
পলসত পোঁত যোৱা ঘোঁৰাটোৰ মৃত্যুৰ পাছতহে নাও লৈ চাপৰিলৈ যাত্ৰা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ...

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...