বিদ্ৰোহী নেতালৈ মুখ্যমন্ত্ৰীৰ আহ্বান – দল এৰিলেও নেৰিব হিন্দুত্ব

গৃহ কন্দলত জৰ্জৰিত ৰাজ্যিক বিজেপি। উজনিৰ বিদ্ৰোহী বিজেপি নেতাৰে বৈঠক ৰাজেন গোহাঁইৰ। শুকুৰবাৰে আনুষ্ঠানিকভাৱে দল এৰিব প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। বিজেপি নেতাৰ দলত্যাগক লৈ চিন্তিত নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দল ত্যাগ কৰিলেও হিন্দু হৈ থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লোকসভা নিৰ্বাচনত টিকট নাপালেও অৱশেষত দলৰ জ্যেষ্ঠ অসন্তুষ্ট নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই লাভ কৰিলে আন সংস্থাপন। ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে ইতিমধ্যে নিযুক্তি লাভ কৰিছে দলত এলাগী হোৱা বুলি চৰ্চাত থকা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকাই। অৱশ্যে জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ অসন্তুষ্টি কেন্দ্ৰীয় নেতৃত্বই দূৰ কৰিলেও বৰ্তমানো গৃহ কন্দলৰ পৰা মুক্ত হ’ব পৰা নাই ৰাজ্যিক বিজেপি। বৰং প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁৱৰ প্ৰাক্তন বিজেপি সাংসদ ৰাজেন গোহাঁইৰ নেতৃত্বত এইবাৰ উজনিত শাসকীয় দলটোত উকমুকনি দিছে দলীয় বিদ্ৰোহে। বুধবাৰে তিনিচুকীয়াত উজনি অসমৰ ৮খন জিলাৰ বিদ্ৰোহী বিজেপি নেতাসকলক একত্ৰিত কৰি এখন গোপন বৈঠকত মিলিত হয় প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই। অৱশ্যে বৈঠকখন সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কোনো মন্তব্য দিয়াৰপৰা বিৰত আছে দলৰ জ্যেষ্ঠ বিদ্ৰোহী নেতাজন। তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়া লোকসভা নিৰ্বাচনত উজনিত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল শাসক দলটো। ইয়াৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰৰ আৰু দলৰ ৰাজ্যিক নেতৃত্বকে দোষাৰোপ কৰিছে উজনিৰ একাংশ দলীয় নেতাই। দলৰ একাংশ জ্যেষ্ঠ নেতাৰ অভিযোগ পুৰণি নেতাসকলক একাষৰীয়া কৰি ৰাইজৰ আস্থাভাজন নোহোৱা একাংশ নতুন নেতাক লগত লৈ উজনিত কাম–কাজ কিৰিছল ৰাজ্যিক নেতৃত্বই। যাৰ বাবেই লোকসভা নিৰ্বাচনত বিজেপিক এটা শিক্ষা দিলে উজনিৰ ৰাইজে। ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰি উজনিৰ বিদ্ৰোহী নেতা–কৰ্মীসকলক একত্ৰিত কৰাৰ বাবে ৰাজেন গোহাঁইয়ে চলোৱা তৎপৰতাৰ অন্যতম এটা পদক্ষেপ আছিল বুধবাৰৰ গোপন বৈঠকখন। ইয়াৰ সমান্তৰালকৈ শুকুৰবাৰে আনুষ্ঠানিকভাৱে দল এৰিব অশোক শৰ্মাই। অহা ৯ আগষ্টত কংগ্ৰেছত যোগদানৰ সম্ভাৱনা প্ৰাক্তন বিধায়কজনৰ। উল্লেখযোগ্য যে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব বিচাৰি বঞ্চিত হোৱাৰ পিছতে দলৰ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ সৰৱ হৈ পৰিছিল। আনহাতে প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ দলত্যাগে নামনি অসমৰ আগন্তুক সময়ত বিজেপিত যে এক প্ৰভাৱ পেলাব সেয়া নিশ্চিত। ইপিনে দলত্যাগৰ পূৰ্বে বৃহস্পতিবাৰে উগ্ৰতৰা আৰু মা কামাখ্যাত সেৱা লয় বিজেপিৰ জ্যেষ্ঠ নেতাজনে।

আনহাতে, তিনিচুকীয়াত বিদ্ৰোহী নেতাৰে ৰাজেন গোহাঁইৰ গোপন বৈঠকক লৈ বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিদ্ৰোহী নেতালৈ মুখ্যমন্ত্ৰীৰ আহ্বান। দল এৰিলেও নেৰিব হিন্দুত্ব। হিন্দুত্বক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্তব্য– অসমত হিন্দু সমাজৰ অস্তিত্ব আজি বিপদাপন্ন। সেয়ে বিজেপি এৰি আন দললৈ গ’লেও হিন্দু হৈ থাকিবলৈ দলৰ বিদ্ৰোহী নেতাসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। অসমত যিমানে হিন্দু দল গঠন হয় সিমানে ভাল। উল্লেখযোগ্য যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত বিদ্ৰোহী বিজেপি নেতাসকলে আৰু এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিয়াৰ বাবেও কুছকাৱাজ আৰম্ভ কৰা বুলি জানিবপৰা গৈছে। মূলতঃ বিজেপিৰ আদৰ্শক সন্মুখত লৈয়ে নতুন দলটো গঠনৰ বাবে চিন্তা–চৰ্চা চলা বুলিও জানিব পৰা গৈছে। অৱশ্যে সেয়া বাস্তৱত কিমান সফল হয় সেই কথা সময়েহে ক’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...