বন্যপ্ৰাণীক লৈ বন বিভাগৰ নাটক

প্ৰায় এসপ্তাহে ডিব্ৰুগড়ৰ বগীবিলৰ ব্ৰহ্মপুত্ৰ চাপৰিত পলসত আবদ্ধ মৃত্যুৰে যুঁজি থকা ডিব্ৰু ছৈখোৱাৰ বনঘৰচীয়া ঘোঁৰা জাকৰ কৰুণ দৃশ্যই বুকু গধুৰ কৰি তুলিছিল সকলোৰে। NKTVত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বহুকেইটা ঘোঁৰাক স্থানীয় ৰাইজে কৰিছিল উদ্ধাৰ। কিন্তু অনাহাৰে পলসত পোটগৈ দুৰ্বল হৈ পৰা দুটা ঘোঁৰা উদ্ধাৰ কৰিব নোৱাৰিলে ৰাইজে। খবৰ দিয়া হ’ল বন বিভাগক। যুঁজি যুঁজি মৃত্যুৰ কোলাত ঢলি পৰিল ঘোঁৰাকেইটা, কিন্তু নাহিল বন বিভাগ। এনে চূড়ান্ত দায়িত্বহীনতাৰ বাবে সকলোৱে একে মুখে গৰিহণা দিলে বিয়াগোম বন বিভাগটোক। তাৰ পিছত মুখলজ্জা ঢাকিবলৈ বন বিভাগে এক অভিসন্ধি ৰচাৰ অভিযোগ উঠিছে। বানৰ সময়ত ডিব্ৰু ছৈখোৱাৰ পৰা বনঘৰচীয়া ঘোঁৰা উটি অহাটো আজিৰ কথা নহয়। কিন্তু এইবাৰ ককৰ্থনাৰ পৰা হাত সাৰিবলৈ এই ঘোঁৰাখিনিক বন বিভাগে সজালে ঘৰচীয়া। আনকি মৃত ঘোঁৰাকেইটাৰ গৰাকীও বিচাৰি উলিয়ালে বন বিভাগে। ডিব্ৰুগড় বন বিভাগৰ এই কাৰ্যৰ পিছতে জাঙুৰ খাই উঠিছে সৰ্বস্তৰৰ ৰাইজ। সকলোৱে দিছে গৰিহণা

অভিযোগ মতে বন বিভাগে ঘোঁৰাৰ মালিক হিচাপে আগবঢ়াই দিয়া ২ ব্যক্তিৰ মালিকানাধীন কাগজ-পত্রক লৈ আছে ব্যাপক বিসংগতি। সেই সন্দৰ্ভত তথ্য বিচাৰি ডিব্ৰুগড়ৰ বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল আমাৰ সাংবাদিক। কিন্তু তথ্য দিয়াৰ পৰিৱৰ্তে সাংবাদিকক উলিয়া কোঠাৰ দুৱাৰ মাৰি সোমাল বন বিষয়া।

সেয়ে এতিয়া অভিযোগ উঠেছে, পাকে-প্ৰকাৰে মেনেজ কৰি নিজৰ গাৰ পৰা চেকা এৰুৱাবলৈ ৰাতিটোৰ ভিতৰতে ডিব্ৰুগড়ৰ বন বিভাগে ঘোঁৰা সমূহৰ দুজন মালিক উলিয়াই, আগবঢ়াই দিছে। যাতে সাপো মৰক, লাঠিও নাভাঙক।

কিন্তু প্ৰশ্ন হয় যদি সঁচাই তিল তিল কৈ মৃত্যু হোৱা ঘোঁৰাকেইটা ঘৰচীয়া, তথাপি বন বিভাগে এনেদৰেই মৰিবলৈ এৰি দিয়াটো উচিত আছিল নে? খবৰ দিয়াৰ পিছতো ঘোঁৰাকেইটা উদ্ধাৰৰ বাবে নাহি পাছত ঘোঁৰাকেইটা ঘৰচীয়া বুলি ক’লেই দায়িত্ব শেষ হয় নেকি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে থকা বিভাগটোৰ? ঘোঁৰাকেইটাৰ জীৱিত কালত কোনো পদক্ষেপ নোলোৱা ডিব্ৰুগড়ৰ DFOয়ে অৱশ্যে সৰ্বত্ৰ গঞ্জনৰা সন্মুখীন হৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...