লাভলিনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাক্ষৰিত গামোছা অৰ্পন

চলিত পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰত্যাশিত আৰম্ভনি কৰিছে অসম কন্যা লাভলিনা বৰগোঁহায়ে৷ অসমৰ প্ৰথম ক্ৰীড়াবিদ হিচাপে দেশৰ শ্ৰেষ্ঠতম ক্ৰীড়া সন্মান খেলৰত্নৰে সন্মানিত হোৱা লাভলিনাই বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি গ্ৰেটেষ্ট শ্ব’ অ’ন দ্য আৰ্থৰ পডিয়ামত থিয় হোৱা প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰিছিল৷

এইবাৰো লাভলিনাৰ পৰা অসমবাসীৰ লগতে সমগ্ৰ দেশ তথা প্ৰবাসী ভাৰতীয়ই পদকৰ আশা কৰিছে৷ পেৰিছ অলিম্পিকত লাভলিনাৰ অনিৰুদ্ধ যাত্ৰা আগুৱাই যোৱাৰ আশাৰে সমগ্ৰ অসমবাসীৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্চা জনাই কিছুদিন পূৰ্বে এখন গামোছাত স্বাক্ষৰ কৰিছিল৷ আজি অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই সেই বিশেষ গামোছাখন লাভলিনাক অৰ্পন কৰে৷ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰাৰ পাছতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিংসহ কলিতাই লাভলিনাক মুখ্যমন্ত্ৰী ড॰ শৰ্মাই স্বাক্ষৰ কৰা গামোছাখন হাতত তুলি দিয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...