আম্বানী-আদানীক কৰিব লাগে পূজা, এজন বিজেপি সাংসদে কিয় ক’লে এইদৰে?

নিবনুৱাক লৈ হোৱা তীব্ৰ বিতৰ্ক আৰু বিৰোধী দল আৰু চৰকাৰৰ মাজত চলি থকা বাকযুদ্ধৰ সময়তে এজন বিজেপি সাংসদে আম্বানী আৰু আদানিৰ দৰে উদ্যোগপতিসকলক “উপাসনা” কৰাৰ কথা কৈছে। বিজেপি সাংসদ কে জে আলফন্সে ৰাজ্যসভাত কয় যে আম্বানী আৰু আদানিৰ দৰে উদ্যোগপতিসকলক “পূজা” কৰা উচিত কিয়নো তেওঁলোকে সৃষ্টি কৰিছে চাকৰি।

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি তেওঁ কয়, ‘আপুনি মোক পুঁজিপতিসকলৰ মুখপাত্ৰ বুলি অভিযোগ কৰিব পাৰে। মই এই দেশত চাকৰি সৃষ্টি কৰা লোকসকলৰ নাম কওঁ, কিয়নো আপুনি তেওঁলোকৰ নাম দিছে। ৰিলায়েন্স হওঁক, আম্বানী হওঁক, আদানি হওঁক, যিয়েই নহওঁক… তেওঁলোকক পূজা কৰা উচিত। কিয়নো তেওঁলোকে নিযুক্তি প্ৰদান কৰে। যিসকল লোকে ধন বিনিয়োগ কৰে, আম্বানী, আদানি… এই দেশত ধন উপাৰ্জন কৰা প্ৰতিজন উদ্যোগপতিয়ে চাকৰি সৃষ্টি কৰে। তেওঁলোকে চাকৰি সৃষ্টি কৰিছে। তেওঁলোকক সন্মান কৰাৰ প্ৰয়োজন।’

NKTV Digital
Author: NKTV Digital

297 COMMENTS

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...