দেশৰ শীৰ্ষ ১০খন বিদ্যালয়ৰ তালিকাত দিল্লীৰ শীৰ্ষস্থান, তালিকাত নাই অসমৰ এখনো বিদ্যালয়

Education World (EW)ৰ ২০২২-২৩ বৰ্ষৰ স্কুল ৰেংকিং প্ৰকাশ হৈছে। তালিকা অনুসৰি শীৰ্ষ ১০টা স্থানত ৭খন ৰাজ্যৰ বিদ্যালয় স্থান লাভ কৰিছে। প্ৰত্যাশিতভাবে শীৰ্ষস্থান দখল কৰিছে দিল্লীৰ বিদ্যালয়। তালিকাত আছে কেৰালা, মহাৰাষ্ট্ৰ, ওড়িশা, পশ্চিম বংগ, পঞ্জাৱ, হাৰিয়ানা আৰু মধ্য প্ৰদেশৰ বিদ্যালয়ে স্থান লাভ কৰিছে। শীৰ্ষ ১০খন বিদ্যালয়ত নাই অসম তথা উত্তৰ-পূবৰ এখনো শিক্ষানুষ্ঠান।

প্ৰকাশিত তালিকা অনুসৰি শীৰ্ষস্থান দখল কৰিছে দিল্লীৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, ছেক্টৰ ১০ দ্বাৰকাই। দ্বিতীয় স্থানত আছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, যমুনা বিহাৰ(দিল্লী)। একেদৰে তৃতীয় স্থানত কেৰালাৰ GVHSS ফৰ গাৰ্লছ, নাডাক্কাভু কোঝিকোড়ে।

চতুৰ্থ স্থানত মুম্বাইৰ ৱৰ্লী ছিফেচ মুম্বাই পাব্লিক ইংলিছ স্কুল। পঞ্চম স্থানত ওড়িশাৰ গঞ্জামৰ ওড়িশা আদৰ্শ বিদ্যাপীঠ, হাতীমোতা। ষষ্ঠ স্থানত কলকাতাৰ যাদৱপুৰ বিদ্যাপীঠ, সপ্তম স্থানত চণ্ডীগড়ৰ গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মনিমাজৰা। অষ্টম স্থানত চণ্ডীগড়ৰে গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ছেক্টৰ ১৬।

একেদৰে নৱম স্থানত আছে দিল্লীৰ দুখন আৰু ভূপালৰ এখন বিদ্যালয়। আনহাতে, দশম স্থান দখল কৰিছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, সুৰজমল বিহাৰ, দিল্লীয়ে। ২০১৫ চনত শীৰ্ষ ১০ত দিল্লীৰ এখন বিদ্যালয়ে স্থান লাভ কৰিছিল। ইয়াৰ বিপৰীতে ২০২১ চনত দিল্লীৰ ৪খন বিদ্যালয়ে স্থান পাইছিল। এই সফলতাৰ বাবে শিক্ষা বিভাগক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...