দেশৰ শীৰ্ষ ১০খন বিদ্যালয়ৰ তালিকাত দিল্লীৰ শীৰ্ষস্থান, তালিকাত নাই অসমৰ এখনো বিদ্যালয়

Education World (EW)ৰ ২০২২-২৩ বৰ্ষৰ স্কুল ৰেংকিং প্ৰকাশ হৈছে। তালিকা অনুসৰি শীৰ্ষ ১০টা স্থানত ৭খন ৰাজ্যৰ বিদ্যালয় স্থান লাভ কৰিছে। প্ৰত্যাশিতভাবে শীৰ্ষস্থান দখল কৰিছে দিল্লীৰ বিদ্যালয়। তালিকাত আছে কেৰালা, মহাৰাষ্ট্ৰ, ওড়িশা, পশ্চিম বংগ, পঞ্জাৱ, হাৰিয়ানা আৰু মধ্য প্ৰদেশৰ বিদ্যালয়ে স্থান লাভ কৰিছে। শীৰ্ষ ১০খন বিদ্যালয়ত নাই অসম তথা উত্তৰ-পূবৰ এখনো শিক্ষানুষ্ঠান।

প্ৰকাশিত তালিকা অনুসৰি শীৰ্ষস্থান দখল কৰিছে দিল্লীৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, ছেক্টৰ ১০ দ্বাৰকাই। দ্বিতীয় স্থানত আছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, যমুনা বিহাৰ(দিল্লী)। একেদৰে তৃতীয় স্থানত কেৰালাৰ GVHSS ফৰ গাৰ্লছ, নাডাক্কাভু কোঝিকোড়ে।

চতুৰ্থ স্থানত মুম্বাইৰ ৱৰ্লী ছিফেচ মুম্বাই পাব্লিক ইংলিছ স্কুল। পঞ্চম স্থানত ওড়িশাৰ গঞ্জামৰ ওড়িশা আদৰ্শ বিদ্যাপীঠ, হাতীমোতা। ষষ্ঠ স্থানত কলকাতাৰ যাদৱপুৰ বিদ্যাপীঠ, সপ্তম স্থানত চণ্ডীগড়ৰ গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মনিমাজৰা। অষ্টম স্থানত চণ্ডীগড়ৰে গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ছেক্টৰ ১৬।

একেদৰে নৱম স্থানত আছে দিল্লীৰ দুখন আৰু ভূপালৰ এখন বিদ্যালয়। আনহাতে, দশম স্থান দখল কৰিছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, সুৰজমল বিহাৰ, দিল্লীয়ে। ২০১৫ চনত শীৰ্ষ ১০ত দিল্লীৰ এখন বিদ্যালয়ে স্থান লাভ কৰিছিল। ইয়াৰ বিপৰীতে ২০২১ চনত দিল্লীৰ ৪খন বিদ্যালয়ে স্থান পাইছিল। এই সফলতাৰ বাবে শিক্ষা বিভাগক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...