চিৰদিনৰ বাবে নুমাই যাব ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতি

দিল্লীৰ ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা এতিয়া চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব। এতিয়া এই অগ্নিশিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগে থাকিব। আজি আবেলি ৩.৩০ বজাত অনুষ্ঠিত হব লগা এক অনুষ্ঠানত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগ কৰা হ’ব। ইয়াৰ আঁৰৰ যুক্তি হিচাপে কোৱা হৈছে যে দুটা ঠাইত শিখা জ্বলাই ৰখাটো কঠিন হৈ পৰিছে। সেনাৰ সূত্ৰই সদৰি কৰা অনুসৰি দেশৰ শ্বহীদসকলৰ বাবে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ কৰা হৈছে, অমৰ জোৱান জ্যোতিত পৃথক পোহৰ জ্বলোৱা নহয়।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত সকলো শ্বহীদৰ নাম আছে, শ্বহীদসকলৰ পৰিয়াল ইয়ালৈ আহে। ২০১৯ৰ ২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে যুদ্ধ স্মাৰক উদ্বোধন কৰিছিল। ১৭৬ কোটি টকা ব্যয়েৰে ৪০ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক। আনহাতে, প্ৰথম বিশ্বযুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত ব্ৰিটিছ চৰকাৰে ইণ্ডিয়া গেট নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত ১৯৭২ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত অমৰ জোৱান জ্যোতি জ্বলাই ৰখা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...