‘সদিচ্ছা’ৰ সদৌ অসম ভিত্তিত ড০ ডলী দাস সোঁৱৰণী দিহা নাম প্ৰতিযোগিতা, প্ৰথম পুৰষ্কাৰ জিনিলে কোনে?

সুৰক্ষা, সচেতনতা আৰু সজীৱ জীৱনৰ দিশে এখোজ ক মূল মন্ত্ৰ হিচাপে লৈ অঙ্কুৰিত হোৱা মানুহৰ বাবে মানুহৰ মৰম বোটলা এটি অনুষ্ঠান। এই সদিচ্ছাই এইবাৰ পোন প্ৰথমবাৰৰ বাবে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত ৫ ৰ পৰা ১৯ নবেম্বৰলৈ অনুষ্ঠিত কৰিছে আন্তৰ্জাতিক অসম বাণিজ্য মেলা। মেলা প্ৰাংগনত অকল বেহা বেপাৰৰ উপৰিও আমাৰ কৃষ্টিৰ চেতনা জাগ্ৰত কৰি সংস্কৃতিৰ চৰ্চাৰ লগতে সংহতিৰ পৰিবেশ এটা গঢ়ি তোলাৰ মানসেৰে ৯ নবেম্বৰত আয়োজন কৰা হয় লোকৰত্নৰ্গভা ড০ ডলী দাস সোঁৱৰণী সদৌ অসম ভিত্তিত এক দিহানামৰ প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাখনি উদ্বোধন কৰে ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা । অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লয় অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা সদিচ্ছাৰ উপদেষ্টা গায়ত্ৰী বৰুৱাই। প্ৰতিযোগিতাখনত বিচাৰকৰ আসন অলংকৃত কৰে বিশেষজ্ঞত্ৰয় ভদ্ৰকান্ত দাস, শ্ৰীমতী দুলু দত্ত আৰু দয়াৰাম বৰুৱাই। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দহটি দলে যোগদান কৰা প্ৰতিযোগিতাখনিত ক্ৰমে চানমাৰিৰ কৃষ্ণা দাসৰ দলে প্ৰথম , সুৰুজমূখী দিহা নামৰ দলে দ্বিতীয় আৰু সৃষ্টিৰূপা কৃষ্টি সমাজে তৃতীয় পুৰষ্কাৰ হিচাপে ক্ৰমে ১০,০০০ টকা, ৫,০০০ আৰু ৩,০০০ টকাৰ আৰ্থিক পুৰস্কাৰৰ লগতে এটি ট্ৰফি আৰু মানপত্ৰ অৰ্জন কৰিবলৈ সক্ষম হয়।


সন্ধিয়া অনুষ্ঠিত হোৱা বটা বিতৰণী সভাত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানতৰ অধ্যক্ষ হিতেশ তহবিলদাৰে অংশ গ্ৰহণ কৰি বাণিজ্য মেলা থলীত এনেদৰে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰি সংস্কৃতিৰো চৰ্চা কৰাৰ বাবে সদিচ্ছাৰ শলাগ লয়। প্ৰতিযোগী সকলৰ উজ্বল ভবিষ্যতৰ কামনা কৰি স্থান প্ৰাপ্ত সকলৰ মাজত বটাসমূহ বিতৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...