কা আন্দোলনৰ শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ ঘৰত উপস্থিত অখিল গগৈ

গুৱাহাটী, ১ জুলাই, NKTV: মুকলি আকাশৰ তললৈ বিধায়ক অখিল গগৈ। ইয়াৰ পিছতেই কা আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা ছেম ষ্টেফ’ৰ্ডৰ ঘৰত উপস্থিত হ’ল বিধায়ক তথা কৃষক নেতা অখিল গগৈ। ছেমৰ মাতৃৰ ওচৰত থিয় হৈ সমবেদনা জ্ঞাপন কৰিলে তেওঁ। ১৬ বছৰীয়া শ্বহীদ ছেম ষ্টেফ’ৰ্ডলৈ সন্মান আগবঢ়াই মাতৃয়ে ন্যায় পাব বুলিও আশ্বাস প্ৰদান কৰিলে। তদুপৰি ছেমৰ লগতে আন ৪ গৰাকী শ্বহীদৰ পৰিয়ালক চৰকাৰে ন্যায় প্ৰদান কৰিব লাগিব বুলি জোৰ দি ক’লে।

কা আন্দোলনৰ নামত চলা প্ৰৱল হিংসাত্মক ঘটনাৰ সময়ত চৰকাৰী বাহিনীৰ গুলিত গুলীবিদ্ধ হৈ প্ৰাণ হেৰুৱাইছিল মুঠ ৫জনে। এইসকলৰ মাজতেই আছিল গুৱাহাটীৰ হাতীগাওঁ নিবাসী ছেম ষ্টেফ’ৰ্ড। মাত্ৰ ১৬ বছৰীয়া ছেম ষ্টেফ’ৰ্ডো জুবিন গাৰ্গ লতাশিললৈ আন্দোলন কৰিব আহিব বুলি চাবলৈ হাতীগাওঁৰ পৰা লতাশিললৈ কাৰফিউৰ মাজতে খোজকাঢ়ি ওলাই গৈছিল। কিন্তু সন্ধিয়া সময়ত হাতীগাওঁ চাৰিআলিৰ সমীপত আৰক্ষীৰ গুলিত প্ৰাণ হেৰুৱাইছিল ছেমে।

ইয়াৰ সমান্তৰালভাৱে কা আন্দোলনত যোগদান কৰা লোকসকলে এতিয়া ন্যায় পাব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। তেওঁ কয় যে, কা’ আন্দোলনত যোগদান কৰা বাবে লগতে কেৱল চৰকাৰৰ বিৰোধীতা কৰা বাবে বিনা বিচাৰে অন্যায়ভাৱে যিসকল লোকক জেললৈ প্ৰেৰণ কৰা হৈছিল তেওঁলোক এতিয়া জেলৰ পৰা ওলাই আহিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...