গড়ভাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰান্তৰ পৰা উদ্ধাৰ এটা প্ৰাপ্তবয়স্ক নাহফুটুকী বাঘ

গুৱাহাটী, ১ জুলাই, NKTV: বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ ওচৰৰ গড়ভাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে এটা প্ৰাপ্তবয়স্ক নাহফুটুকী বাঘ। মাধৱ নগৰৰ এটা কুঁৱাত পৰি যোৱা নাহৰফুটুকী বাঘটো বনৰক্ষীয়ে উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

এটা ২০ ফুটৰ মুকলি কুঁৱাত পৰি যোৱাৰ পিছত ভিতৰ আবদ্ধ হৈ পৰে নাহৰফুটুকী বাঘটো।
চুবুৰীয়াই কুঁৱাৰ ভিতৰৰ পৰা ভাহি অহা গুজৰণিৰ শব্দ শুনি কুঁৱাৰ পানীত ওপঙি থকা নাহফুটুকী বাঘটো প্ৰত্যক্ষ কৰি ততাতয়াকৈ বন বিভাগক খবৰ দিয়ে।

ইয়াৰ পিছতেই ঘটনাস্থলীত বনৰক্ষী উপস্থিত হৈ নাহফুটুকী বাঘটো উদ্ধাৰ কৰি গভীৰ বননীৰ মাজত বাঘটো মুকলি কৰি দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...