পুত্রক লগ পাবলৈ অধীৰ মাতৃ প্ৰিয়দা গগৈ

গুৱাহাটী, ২৭ জুন, NKTV: ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা কাৰাৰুদ্ধ হৈ আছে কৃষক নেতা অখিল গগৈ। শুকুৰবাৰে ন্যায়ালয়ে অখিল গগৈক দুদিনৰ জামিন মঞ্জুৰ কৰিলে। গুৱাহাটীৰ বিশেষ NIA আদালতে কাৰাৰুদ্ধ কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দুদিনৰ বাবে জামিন মঞ্জুৰ কৰাৰ পিছত শুকুৰবাৰে গুৱাহাটীৰ নিজৰাপাৰস্থিত বাসভৱনত উপস্থিত হয় কৃষক নেতাগৰাকী। নিজৰ পৰিয়ালৰ লোকক দেখা কৰাৰ বাবে NIAয়ে নেতাগৰাকীক অনুমতি প্ৰদান কৰিছে। আজি পুৱা ৭.০৫ বজাতেই মাতৃক দেখা কৰিবলৈ যোৰহাটলৈ ৰাওনা হৈছে বিধায়ক গৰাকী।

পূৰ্বতে অখিল আৰু তেওঁৰ দুজন সতীৰ্থৰ বিৰুদ্ধে ১৯৬৭ চনৰ বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত হিংসাত্মক প্ৰতিবাদ কৰাৰ বাবে নিয়া আদালতে দোষাৰোপ কৰিছিল। ২০১৯ চনত অসমত হোৱা কা আন্দোলনত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ অপৰাধত অখিল আৰু তেওঁৰ দুজন সতীৰ্থক দোষাৰোপ কৰিছিল যদিও পিছলৈ অখিলৰ বাকী দুজন সতীৰ্থক নিয়া আদালতে দোষ মুক্ত কৰিছিল।

কভিডত আক্ৰান্ত হোৱা বাবে চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই বৰ্তমানলৈ জিএমচিএচতেই চিকিৎসাধীন হৈ আছে কৃষক নেতাগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...