শংকৰ সংঘক লৈ আজমল-হিমন্ত বিশ্বৰ বাকযুদ্ধ

বদৰুদ্দিন আজমলে হেনো টোপনি হৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজমলক শংকৰ সংঘৰ সভাই-সমিতিয়ে মাতিলেই নিশা টোপনি নাহে মুখ্যমন্ত্ৰীৰ। ৰঙিয়াৰ শংকৰ সংঘৰ অধিবেশনৰ অন্তিম দিনটোত দেওবাৰে উপস্থিত হৈ আজমলক নামাতিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে। সোমবাৰে গোৱালপাৰাত মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে বদৰুদ্দিন আজমলে। যি কৰিলে মুখ্যমন্ত্ৰীৰ টোপনি নোহোৱা হয়, সেই কাম বেছিকৈহে কৰিব হেনো আজমলে। মুখ্যমন্ত্ৰীক উভতি ধৰি আজমলে ক’লে হিমন্ত বিশ্ব শৰ্মা শংকৰী নহয়, তেওঁ মূৰ্তি পূজা কৰে। হিন্দু মানুহখিনিক উত্তেজিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এনে কথা কয় বুলিও আজমলৰ অভিযোগ।

শংকৰ সংঘক লৈ আজমল-হিমন্ত বিশ্বৰ বাকযুদ্ধ
আজমলক মাতিলেই মোৰ টোপনি নাহেঃ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীৰ টোপনি নহা কাম বেছিকৈ কৰিমঃ আজমল
ৰঙিয়া অধিবেশনত CMৰ মন্তব্যৰ প্ৰত্যুত্তৰ আজমলৰ
‘মুখ্যমন্ত্ৰী শংকৰী নহয়, তেওঁ মূৰ্তি পূজা কৰে’
শংকৰ সংঘৰ অধিবেশনলৈ বেছিকৈ যামঃ আজমল

উপলক্ষ্য আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিবেশনৰ সামৰণি। হাতীখলা পথাৰত দেওবাৰে উপস্থিত হৈছিল মুখ্যমন্ত্ৰীৰ। ভাষণত নিজৰ মনৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে।
অন্তৰ কান্দি উঠে হেনো হিমন্ত বিশ্ব শৰ্মাৰ
আজমলৰ কথা সোঁৱৰাই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা

সোমবাৰে গোৱালপাৰাত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে বদৰুদ্দিন আজমলে। বেছিকৈহে যাম শংকৰ সংঘৰ অধিবেশনলৈ। সাংবাদিকক আজমলে ক’লেঃ মুখ্যমন্ত্ৰী শংকৰী নহয়, তেওঁ মূৰ্তি পূজা কৰে। মুখ্যমন্ত্ৰীৰ টোপনি নহা কাম বেছিকৈহে কৰিব বুলিও হুংকাৰ আজমলৰ।

শেহতীয়াকৈ ধূপধৰাত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু, আই-মাতৃ আৰু যুৱ সমাৰহত বদৰুদ্দিন আজমলৰ আমন্ত্ৰণক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। পিছলৈ বিষয়টোক লৈ স্পষ্টীকৰণ দিছিল সংঘৰ বিষয়ববীয়াই। অৰ্থৰ বাবেই আজমলক মতা বুলি কৈছিল সংঘই । দেওবাৰে অধিবেশনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক’লে অৰ্থৰ অভাৱ অনুভৱ কৰিব নালাগে শংকৰদেৱ সংঘই। অৰ্থক লৈও মুখ্যমন্ত্ৰী আৰু শ্রীমন্ত শংকৰদেৱ সংঘৰ একাংশক কটাক্ষ বদৰুদ্দিন আজমলৰ।

আজমলৰ মতে শংকৰ সংঘৰ ৰঙিয়া অধিবেশনত মুখ্যমন্ত্ৰীয়ে দিয়া এই মন্তব্য ৰাজনৈতিক ষ্টান্টৰ বাদে আন একো নহয়। একাংশ লোকক উত্তেজিত কৰিবলৈয়ে মুখ্যমন্ত্ৰীৰ আসনত বহিও এনে মন্তব্য কৰে হেনো হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ৰাইজে বুজি পায়, কোনে কি কথা কি উদ্দেশ্যে কৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...